Socialআঞ্চলিকবলিউড

এতিয়াৰে পৰা অনুমতিৰ অবিহনে ব্যৱহাৰ কৰিব নোৱাৰিব অমিতাভ বচ্ছনৰ নাম, ফটো আৰু কণ্ঠস্বৰ!

বলীউদৰ বিশিষ্ট অভিনেতা অমিতাভ বচ্চনে দিল্লী উচ্চ ন্যায়ালয়ত ব্যক্তিত্বৰ অধিকাৰৰ সুৰক্ষা বিচাৰি গোচৰ ৰুজু কৰিছে

মেগাষ্টাৰ অমিতাভ বচ্চনৰ অনুমতি অবিহনে তেওঁৰ নাম, কণ্ঠস্বৰ আৰু ফটো ব্যৱহাৰ কৰাৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন বিগ বিৰ। বলীউদৰ বিশিষ্ট অভিনেতা অমিতাভ বচ্চনে দিল্লী উচ্চ ন্যায়ালয়ত ব্যক্তিত্বৰ অধিকাৰৰ সুৰক্ষা বিচাৰি গোচৰ ৰুজু কৰিছে। শুক্ৰবাৰে দিল্লী উচ্চ ন্যায়ালয়ে অভিনেতাজনৰ “বিশ্বৰ বিৰুদ্ধে” দিয়া আবেদনৰ শুনানি গ্ৰহণ কৰি জনপ্ৰিয় অভিনেতাজনৰ ব্যক্তিত্ব আৰু প্ৰচাৰৰ অধিকাৰ উলংঘন কৰাৰ পৰা সকলোকে বাধা দিয়াৰ এক অন্তৱৰ্তীকালীন আদেশ প্ৰদান কৰে।

Kaun Banega Crorepati 13: Amitabh Bachchan reveals why his father  'deliberately' chose Bachchan as surname - Hindustan Times

এই নিৰ্দেশনাত ন্যায়াধীশ নবীন চাওলাই কয় যে, “এইটো নুই কৰিব নোৱাৰি যে অমিতাভ বচ্চন এজন জনপ্ৰিয় ব্যক্তিত্ব আৰু তেওঁক বহুতো বিজ্ঞাপনত দেখিবলৈ পোৱা গৈছে। অমিতাভ বচ্চনৰ অনুমতি অবিহনে যিসকলে নিজৰ ব্যৱসায়, বস্তু আৰু সেৱাৰ প্ৰচাৰৰ বাবে তেওঁৰ ব্যক্তিত্ব ব্যৱহাৰ কৰিছে সেই বিৰোধীসকলৰ দ্বাৰা অসন্তুষ্ট হৈছে।”

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 13 =

Back to top button