মনোৰঞ্জন

এখন আজৱ বিবাহ! দৰাই কইনাক দিয়া উপহাৰ দেখিলে আচৰিত হ’ব আপুনিও।

য'ত দৰাই কইনাক উপহাৰ দিলে গাধ; দেখি আনন্দত জপিয়াই উঠিল কইনা।

বিবাহত উপহাৰ দিয়াটো এটা নিয়ম। বিয়া খাবলৈ গ’লে আপুনিও হাতত এটি উপহাৰ লৈ যায়। কেৱল অতিথিসকলেই নহয়, দৰা-কইনায়ো বিবাহ উপলক্ষে নিজৰ স্ৱামী-পত্নীক উপহাৰ দিয়ে। কিন্তু আপুনি আপোনাৰ জীৱনসংগীক কি উপহাৰ দিছে? সোণৰ আ- অলংকাৰ, কাপোৰ নাইবা তেওঁ বা তাই ভাল পোৱা যিকোনো বস্তু। কিন্তু কেতিয়াবা গাধ উপহাৰ দিয়া দেখিছেনে? আজি আপোনালোকে গম পাব এখন আজৱ বিবাহৰ কথা। য’ত দৰাই কইনাক উপহাৰ দিলে গাধ; দেখি আনন্দত জপিয়াই উঠিল কইনা।

azlan shah warisha khan wedding, Donkey Gift Pakistan : शौहर ने बेगम को  तोहफे में दिया गधे का बच्चा, अजीबोगरीब वेडिंग गिफ्ट पर पूरा पाकिस्तान हैरान  - pakistani youtuber azlan ...

এই ঘটনা হৈছে পাকিস্তানৰ। পাকিস্তানত আজলান শ্বাহ নামৰ এজন ইউটিউবাৰে বিয়াৰত তেওঁৰ পত্নী ৱাৰিছাক এটা গাধ উপহাৰ দিছে । ৰিচেপচনত পত্নীক গাধ উপহাৰ দিয়া আজলানে কয় যে তেওঁ জীৱ-জন্তুক ভাল পায় আৰু সেইবাবেই তেওঁ এই কামটো কৰিছে। পাকিস্তানৰ এই উপহাৰ দিয়া ঘটনাটো এতিয়া চচিয়েল মিডিয়াত চৰ্চাৰ বিষয় হৈ পৰিছে।

Bizzare! Groom gifts baby donkey to bride as wedding gift in Pakistan  –watch video

আজলান শ্বাহে নিজৰ ইনষ্টাগ্ৰামত জনাইছে যে তেওঁ পত্নীক কিয় গাধ উপহাৰ দিলে! তাৰ উত্তৰত তেওঁ নিজৰ ইনষ্টাগ্ৰাম পোষ্টত লিখিছে, ‘এতিয়া প্ৰশ্নটো হ’ল গাধ কিয়, কাৰণ আপুনি ইয়াক ভাল পায় আৰু ই পৃথিৱীৰ আটাইতকৈ কঠোৰ পৰিশ্ৰমী আৰু মৰমিয়াল প্ৰাণী।’ আৰু ইনষ্টাগ্ৰাম ভিডিঅ’টোত আজলানে কয়, ‘চাওক, মই জীৱ-জন্তু ভাল পাওঁ। মানুহে যিয়েই নকওক, গাধ মই ভালপোৱা জন্তু। ঠিক আছে, মই গাধ ভাল পাওঁ। আৰু হয়, এইটো মোৰ বৰিষালৈ উপহাৰ। আৰু অনুগ্ৰহ কৰি ইয়াক ঠাট্টা নকৰিব।’

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × two =

Back to top button