Socialআঞ্চলিকমনোৰঞ্জন

‍এখন ব্যতিক্ৰমী বিয়া! সামাজিক মাধ্যমত ভাইৰেল এই বিয়াখনে জিকিলে সকলোৰে হৃদয়। কিন্তু কিয়!

সামাজিক মাধ্যমত ধুমুহাৰ গতিত ভাইৰেল হৈ পৰা এটি সৰু ভিডিঅ’ ক্লিপে সকলোকে আচম্বিত কৰি তুলিছে সকলোকে

‍বিনা নিমন্ত্ৰণে বিয়া খাবলৈ গ’ল ছাত্ৰ! দৰাই ক’লে হোষ্টেলৰ বন্ধুলৈও লৈ যোৱা, দৰা-ছাত্ৰ ভাইৰেল।

এতিয়া বিয়াৰ ছিজন, অৰ্থাৎ বিয়াৰ বতৰ। বিয়া বুলি ক’লেই মানুহৰ লগতে ৰভাঘৰৰ পৰিৱেশেই এক আনন্দময় হৈ পৰে। সাধাৰণতে হোষ্টেল অথবা কলেজত পঢ়ি থকাসকলৰ বাবে বিয়া যেন সম্পূৰ্ণ এক পৃথক পৰিৱেশ হৈ পৰে। কিয়নো তেওঁলোকে কাৰো পৰা আমন্ত্ৰণ নাপায়। আমন্ত্ৰণ অবিহনেই অচিনাকীজনৰ বিয়া খাবলৈ যোৱা হয় এই সময়ত। আপুনিও বাৰু নমতা বিয়া খাবলৈ গৈ পাইছেনে কেতিয়াবা?

পিছে বিয়াৰ বতৰতে সামাজিক মাধ্যমত ধুমুহাৰ গতিত ভাইৰেল হৈ পৰা এটি সৰু ভিডিঅ’ ক্লিপে সকলোকে আচম্বিত কৰি তুলিছে। শুনিবলৈ আৰু দেখিবলৈ হাস্যৰস যদিও খবৰটো এয়াই যে, বিনা নিমন্ত্ৰণে MBA অধ্যয়ণয়ৰত এজন ছাত্ৰই গৈছিল বিয়া খাবলৈ। পিছে বিয়াত পৰিয়ালৰ মানুহে গম পোৱাত ছাত্ৰজনৰ হতুৱাই সকলো বাচন-বৰ্তনবোৰ ধুলে। পিছে এনে এটা বিয়াৰ বিষয় ট্ৰেণ্ডিঙত থকা সময়ছোৱাতে আন এটা বিয়াৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। পিছে এইখন বিয়া আকৌ আনখনতকৈ ব্যতিক্ৰম।

 

ভাইৰেল ভিডিঅ’টোত দেখিবলৈ পোৱা অনুসৰি বিনা নিমন্ত্ৰণে এজন ছাত্ৰই বিয়া খাবলৈ গৈ দৰাৰ সৈতে পাতি আছে কথা। দৰাক ক’লে –‘দাদা মোৰ ভোক লাগিছিল, সেয়ে মই আপোনাৰ বিয়ালৈ আহিলোঁ। আপোনাৰটো একো অসুবিধা হোৱা নাই অহা বাবে! পিছে দৰাজনৰ উত্তৰে জয় কৰিলে সকলোৰে হৃদয়।তেওঁ কয় যে–‘আপুনি নিজেও খাওঁক আৰু আপোনাৰ বন্ধুসকলৰ বাবেও লৈ যাওঁক’। দৰাজনৰ এনে উত্তৰ শুনি সামাজিক মাধ্যমত বিভিন্নজনে লৈছে শলাগ, বিভিন্নজনে টুইটযোগে কৰিছে মন্তব্য।

সামাজিক মাধ্যমত ভাইৰেল এই বিয়াখন হৈছে বিহাৰৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two + seventeen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.