দুৰ্ঘটনাবলিউডশিল্পীস্বাস্থ্য

ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত জনপ্ৰিয় কন্ঠশিল্পী জুবিন। বৰ্তমান চিকিৎসালয়ত ভৰ্তি শিল্পীগৰাকী

অট্টালিকাৰ চিৰিৰ পৰা পৰি আঘাতপ্ৰাপ্ত কণ্ঠশিল্পী জুবিন নৌটিয়াল

এক ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন নৌটিয়াল। বৃহস্পতিবাৰে পুৱা সংঘটিত হোৱা এই ঘটনাৰ পাছতে ততাতৈয়াকৈ শিল্পীজনক মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। দুৰ্ঘটনাটোত শিল্পীজনে মূৰত আঘাত পোৱাৰ লগতে কঁকাল আৰু কিছু হাড় ভাঙি গৈছে।

 

ঘটনা অনুসৰি, অট্টালিকাৰ চিৰিৰ পৰা নামি আহোঁতেই চিৰিৰ পৰা বাগৰি পৰে শিল্পীগৰাকী। যাৰফলত শিল্পীজনে মূৰ আৰু কঁকালত আঘাত পোৱাৰ লগতে কিছু হাড় ভাঙি গৈছে। লগতে তেওঁ সোঁহাতত আঘাত পায়। তথ্য অনুসৰি, এই দুৰ্ঘটনাত জুবিনৰ কিলাকুটি ভাঙি যায়। চিকিৎসকৰ মতে,জুবিনৰ কিলাকুটিৰ অস্ত্ৰোপচাৰ কৰিব লাগিব। লগতে চিকিৎসকে তেওঁক সোঁহাত ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ দিছে।

 

বলীউডৰ জনপ্ৰিয় আৰু বিশেষকৈ যুৱপ্ৰজন্মৰ ভিতৰত অন্যতম প্ৰিয় কণ্ঠশিল্পী জুবিন নৌটিয়াল। তেওঁৰ লগত সংঘটিত হোৱা এই দুৰ্ঘটনাৰ খবৰৰ পিছতে তেওঁৰ অনুৰাগীসকলো হতাশ হৈ পৰিছে। তেওঁৰ আশু আৰোগ্য কামনা কৰিছে। শেহতীয়াকৈ মুক্তি লাভ কৰিছে জুবিনৰ নতুন গীত ‘তু ছামনে আয়ে’। য়ুহানীৰ সৈতে গীত মুক্তিৰ অনুষ্ঠানত তেওঁক দেখা গৈছিল।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 + eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.