nationalঅসমদৈনিক বাতৰিভাৰত

৪ দিন অতিক্ৰম কৰিলে উত্তৰাখণ্ডৰ উত্তৰকাশীৰ ঘটনাই! কিন্তু বৰ্তমানেও শ্ৰমিককেইজনৰ উদ্ধাৰ সম্ভৱপৰ হোৱা নাই….

৪ দিন অতিক্ৰম কৰিলে উত্তৰাখণ্ডৰ উত্তৰকাশীৰ ঘটনাই!

উত্তৰাখণ্ডৰ উত্তৰকাশীত নিৰ্মীয়মাণ সুৰংগৰ দেৱাল ভাঙি ৪০জন শ্ৰমিক আবদ্ধ হৈ থকাৰ ঘটনাই ৪ দিন অতিক্ৰম কৰিলে। এতিয়াও শ্ৰমিককেইজনৰ উদ্ধাৰ সম্ভৱপৰ হোৱা নাই। শ্ৰমিককেইজনক উদ্ধাৰৰ বাবে বৃহস্পতিবাৰৰ পৰা নতুন উচ্চক্ষমতা সম্পন্ন ড্ৰিলিং মেচিন কামত লগোৱা হৈছে।

দিল্লীৰ পৰা বিমানেৰে এই মেচিনটো ছিলকিয়াৰা সুৰংগৰ সমীপলৈ অনা হয়। জেক এণ্ড পুছ আৰ্থ আগাৰ নামৰ আমেৰিকাত নিৰ্মিত এই ড্ৰিলিং মেচিনটোৰে ঘণ্টাত ৪–৫ মিটাৰ অংশ কাটি ভিতৰলৈ যাব পৰা যায়। নিৰ্মাণস্থলীত নতুন মেচিনটোৰে উদ্ধাৰ কাৰ্য আৰম্ভ হোৱাৰ পিছত ৪০জন আবদ্ধ শ্ৰমিকক লৈ কিছু আশাৰ সঞ্চাৰ হৈছে।

বুধবাৰে উক্ত স্থানত উদ্ধাৰত নিয়োজিত কৰ্মীৰ সৈতে হতাহতিত লিপ্ত হয় স্থানীয় ৰাইজ তথা সতীৰ্থ শ্ৰমিকসকল। সুৰংগটো নিৰ্মাণৰ দায়িত্বত থকা নৱয়ুগ ইঞ্জিনিয়াৰিং কোম্পানীৰ জনসম্পৰ্কৰক্ষী বিষয়াই সদৰী কৰা মতে, আবদ্ধ হৈ থকা শ্ৰমিকসকলক এতিয়া শীঘ্ৰেই উদ্ধাৰ কৰিব পৰা যাব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.