অসম

মাজৰাতি চানমাৰী থানাত কি কৰিছে কণ্ঠশিল্পী দীপলিনা ডেকাই!

দীৰ্ঘদিন ধৰি এজন লোকে মানসিকভাৱে অত‍্যাচাৰ চলাই আহিছিল দীপলিনাক

মাজনিশা চানমাৰী আৰক্ষী থানাত উপস্থিত হয় কণ্ঠশিল্পী দীপলিনা ডেকা। দীৰ্ঘদিন ধৰি এজন লোকে মানসিকভাৱে অত‍্যাচাৰ চলাই আহিছিল দীপলিনাক। ভঙাগড়ৰ বাসিন্দা মৃদুল নাথ নামৰ এই লোকজনে ফোনটো দীপলিনাৰ সৈতে প্ৰায়ে অশ্লীল বাৰ্তালাপ কৰিব বিছাৰিছিল। অভদ্ৰামিৰ সীমা চেৰাই শুকুৰবাৰে গধূলি পাঁচ বজাত দীপলিনাৰ বাসগৃহত প্ৰৱেশ কৰিছিল মৃদুল নাথে। আৰু ঘৰত প্ৰৱেশ কৰিয়ে দীপলিনাক অশ্লীল শব্দৰে গালি-গালাজ কৰিছিল। ভাঙিছিল আচবাবো। কণ্ঠশিল্পীগৰাকীয়ে জানিব দিয়া অনুসৰি, দুবছৰ পূৰ্বে দীপলিনাক বিয়া কৰোৱা বুলিও দাবী কৰিছে মৃদুল নাথে। অৱশেষত উপায়ন্তৰ হৈ মাজনিশা আৰক্ষীৰ কাষ চাপিল কণ্ঠশিল্পীগৰাকী। চানমাৰি আৰক্ষী থানাত মৃদুল নাথৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ। দীপলিনাৰ এজাহাৰৰ ভিত্তিত চানমাৰি আৰক্ষীয়ে আটক কৰে মৃদুল নাথ নামৰ ব‍্যক্তিজনক। ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে চানমাৰী আৰক্ষীয়ে সোধ-পোচ অব্যাহত ৰাখিছে মৃদুল নাথক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.