দৈনিক বাতৰি

বাধ্যতামূলক হ’ল ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন, মাদ্ৰাছা স্কুললৈ বিশেষ নিৰ্দেশনা…

ইয়াৰোপৰি, মাদ্ৰাছা স্কুলৰ শিক্ষকসকলৰ উপস্থিতিৰ বাবে বায়'মেট্ৰিক পদ্ধতিৰ ব্যৱস্থা কৰা হ'ব। আনকি শিক্ষাৰ্থীৰ অনলাইন পঞ্জীয়নৰ ব্যৱস্থা কৰা হ'ব।

পুনৰ সংবাদ শিৰোনাম দখল কৰিছে উত্তৰ প্ৰদেশৰ মাদ্ৰাছাসমূহে। উত্তৰ প্ৰদেশৰ মাদ্ৰাছা শিক্ষা পৰিষদে  মাদ্ৰাছা সন্দৰ্ভত ব’ৰ্ডৰ বৈঠকত লৈছে কেইবাটাও ডাঙৰ সিদ্ধান্ত। নতুন শিক্ষাবৰ্ষৰ আৰম্ভণিৰ পৰা মাদ্ৰাছা স্কুলসমূহে পালন কৰিব লাগিব এক নতুন নিয়ম।

 

বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি নতুন শিক্ষাবৰ্ষৰ আৰম্ভ হোৱাৰ লগে-লগে উত্তৰপ্ৰদেশৰ মাদ্ৰাছা স্কুলসমূহত শিক্ষাৰ্থীসকলে প্ৰাৰ্থনা কৰাৰ লগতে পৰিৱেশন কৰিব লাগিব ৰাষ্ট্ৰীয় সংগীত। ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ পিছতহে আৰম্ভ হ’ব ক্লাছ।

 

বৈঠকৰ অন্য এক সিদ্ধান্ত অনুসৰি, অহা ১৪ মে’ৰ পৰা ২৭ মে’লৈকে অনুষ্ঠিত হ’বলগীয়া ছয় বিষয়ৰ পৰীক্ষাত যাতে ছাত্ৰ-ছাত্ৰীৰ নকল ৰোধ কৰিব পাৰে, তাৰবাবে প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ কোঠাত চিচিটিভি লগোৱাৰো ব্যৱস্থা কৰা হ’ব। ইয়াৰোপৰি, মাদ্ৰাছা স্কুলৰ শিক্ষকসকলৰ উপস্থিতিৰ বাবে বায়’মেট্ৰিক পদ্ধতিৰ ব্যৱস্থা কৰা হ’ব। আনকি শিক্ষাৰ্থীৰ অনলাইন পঞ্জীয়নৰ ব্যৱস্থা কৰা হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.