অসমআঞ্চলিকপৰিৱেশ

পূজাৰ বতৰত ৰাজপথত কি কৰিছে ট্ৰি মেনে!

মহানগীৰৰ ৰাজপথত এইবাৰ গছ মানৱ অৰ্থাৎ ট্ৰি মেন উলাইছে

মহানগীৰৰ ৰাজপথত এইবাৰ গছ মানৱ অৰ্থাৎ ট্ৰি মেন উলাইছে। পূজাৰ বতৰত ৰাজপথত কি কৰিছে তেখেতে। ট্ৰি মেনৰ বিষয়ে জানিবলৈ এতিয়া উচ্ছুক সকলো। দৰাচলতে ট্ৰি মেন আপোনাৰ মোৰ দৰেই এজন সুস্থলোক।

 

যি সময়ত একাংশ শিক্ষিতলোকে ৰাজপথত জাৱৰ পেলাই লেতেৰা কৰিছে, গছ-গছনি কাটি তহিলং কৰিছে সেই সময়তে মংগলদৈৰ ৰিতুল হক নামৰ এইজন যুৱক আগবাঢ়ি আহিছে পৰিৱেশ সুৰক্ষাৰ বাবে। যুৱকজনে গোটেই গাতে গছৰ পাত বান্ধি বিভিন্ন প্লে কাৰ্ড লগাই ৰাজপথত ঘূৰি ফুৰে। তেখেতৰ প্লে কাৰ্ডত লিখা আছে ৰাইজক উদ্দেশ্যি বিভিন্ন বাৰ্তা। ‘প্ৰকৃতিক ধ্বংস নকৰিব’, ডাষ্টবিন ব্যৱহাৰ কৰক’, ‘পানীৰ অপব্যৱহাৰ নকৰিব’, ‘গছ নাকাটিব গছ ৰোৱক’, ‘ভেকচিন লওক দেশ বচাওক’, ‘আমি পূজা চাব যাম’ ইত্যাদি লিখা আছে তেখেতৰ প্লে কাৰ্ডত।

 

যুৱকজনৰ সৈতে হোৱা সাক্ষাৎকাৰত তেখেতে জনায় যে, প্ৰায় দুমাহ আগৰ পৰা পূজা আহিলে এনেদৰে পৰিৱেশ সুৰক্ষাৰ বাবে কিবা এটা কৰিব বুলি পৰিকল্পনা কৰিছিল তেখেতে। তেওঁ কয় যে, মানুহক পৰিৱেশ সুৰক্ষাৰ কথা ক’লে বেয়া পায় সেয়ে তেওঁ এই ব্যতিক্ৰমী পদক্ষেপ হাতত লৈছে। মংগলদৈৰ ৰিতুল হকৰ এটাই অনুৰোধ পৰিৱেশ ৰক্ষা কৰক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven + 15 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.