অসমআঞ্চলিকসংস্কৃতি

গোৱালপৰীয়া লোকগীতেৰে সংগীতৰ সুবিশাল ভঁৰাল গঢ়ি থৈ যোৱা ‘হস্তীৰ কন্যা’ক সুঁৱৰি…

প্ৰতিমা বৰুৱাৰ মৃত্যুৰ পিছত ভূপেনদাই আৱেগপূৰ্ণ ভাষাৰে লিখিছিল- “এটি জীৱনে যিখিনি দিব পাৰে তাতকৈ বহুগুণে বেছিকৈ দি গৈছে প্ৰতিমা। জীৱনৰ প্ৰতিটো খোজতে লোকগীতেৰে ওপচাই তুলি মৃত্যুৰ পিনে আগুৱালে তেওঁ… ৰাখি গ’ল এক সুবিশাল ভৰাল। গোৱালপৰীয়া লোকগীতিক বিশ্বৰ দৰবাৰত লৈ যাবলৈ মনপ্ৰাণ ঢালি দিছিলে তেওঁ। গাৰ্হস্থ্য জীৱনৰ কথা চিন্তা কৰা নাই কেতিয়াও, সৌখিনতাক লৈও নহয়। সাধাৰণ সাজপাৰ, অথচ কি অসাধাৰণ ব্যক্তিত্ব, সৌন্দৰ্য।”- হয় এয়াই প্ৰতিমা।

‘হস্তীৰ কন্যা’ , গোৱালপৰীয়া লোকগীতৰ সাধক, ৰাজকন্যা প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি জন্মদিন। ১৯৩৫ চনৰ ৩ অক্টোবৰত পশ্চিম অসমৰ ধুবুৰী জিলাৰ গৌৰীপুৰৰ ৰাজ পৰিয়ালত জন্মগ্ৰহণ কৰে প্ৰতিমা বৰুৱাই। তেখেতৰ মাতৃৰ নাম মালতীবালা বৰুৱা আৰু পিতৃৰ নাম প্ৰকৃতিশ চন্দ্ৰ বৰুৱা।

আনুষ্ঠানিক শিক্ষাৰ সমান্তৰালকৈ প্ৰতিমা বৰুৱা পাণ্ডেই কৰিছিল সংগীতৰ চৰ্চা। ভৰতবালা ৰায়, শৰতবালা ৰায় আৰু সোনাইবালা ৰায়ৰ পৰা লোকগীতৰ প্ৰেৰণা লাভ কৰা প্ৰতিমা বৰুৱা পাণ্ডেৰ লোকগীতৰ প্ৰথম শিক্ষক আছিল ভবেন ৰায়।
প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱনলৈ সুৱৰ্ণ সুযোগ আহিছিল ভূপেন হাজৰিকাক লগ পোৱাৰ পিছতেই। ১৯৫৫ চনত ‘মাহুত বন্ধুৰে’ কথাছবি নিৰ্মাণৰ পৰিকল্পনা লৈ পোন প্ৰথমবাৰৰ বাবে গৌৰীপুৰলৈ গৈছিল ভূপেনদা।

সেইসময়তে ভূপেনদাক ৰাজবাৰীলৈ নিমন্ত্ৰণ জনাই প্ৰকৃতিশ চন্দ্ৰ বৰুৱাই আয়োজন কৰে এখন জলসাৰ। সেই জলসাত ভূপেনদাৰ লগতে গীত পৰিৱ্শন কৰে প্ৰতিমা বৰুৱাই। সেই সময়ত প্ৰতিমা বৰুৱা আছিল ২০ বছৰীয়া গাভৰু। ভূপেনদাৰ সম্মুখত লাজ লাজকৈ তিনিটা গীত ‘হস্তীৰ কন্যা হস্তীৰ কন্যা বামোনেৰো নাৰী’, ‘ও মোৰ ভাবৰে দেওৰা’ আৰু ‘সোণাৰ বৰন পাখী ৰে তোৰ’ গীতকেইটি পৰিৱেশন কৰে প্ৰতিমা বৰুৱাই।

গোৱালপৰীয়া লোকগীতেৰে সংগীতৰ সুবিশাল ভঁৰাল গঢ়ি থৈ যোৱা 'হস্তীৰ কন্যা'ক সুঁৱৰি...

প্ৰতিমা বৰুৱাৰ কণ্ঠ আৰু মাটিৰ সুৰৰ গীতে ভূপেনদাৰ হৃদয় জয় কৰিলে। তাৰ পিছত ১৯৫৫ চনত ‘এৰাবাটৰ সুৰ’ বোলছবিৰ বাবে কলিকতাৰ HMV ত প্ৰতিমা বৰুৱাৰ কণ্ঠৰে বাণীবন্ধন কৰোৱায়। কলিকতাৰ HMV তে পুনৰ প্ৰতিমা বৰুৱাৰ স’তে ভূপেনদাই দ্বৈত কণ্ঠত নিজৰ জীৱনৰ প্ৰথম আৰু একমাত্ৰ গোৱালপৰীয়া লোকগীতৰ ৰেকৰ্ড কৰে। গৌৰীপুৰীয়া ৰাজকন্যাক ‘হস্তীৰ কন্যা’ হিচাপে অসমৰ লগতে পশ্চিমবংগৰ শ্ৰোতাৰ আগত পৰিচয় কৰাই দিয়ে ভূপেনদাই। প্ৰতিমা বৰুৱাৰ গীতসমূহ পৰৱৰ্তী সময়ত ‘গোৱালপৰীয়া লোকগীত ‘ হিচাবে প্ৰতিষ্ঠিত হ’ল।

প্ৰতিমা বৰুৱাৰ মৃত্যুৰ পিছত ভূপেনদাই আৱেগপূৰ্ণ ভাষাৰে লিখিছিল- “এটি জীৱনে যিখিনি দিব পাৰে তাতকৈ বহুগুণে বেছিকৈ দি গৈছে প্ৰতিমা। জীৱনৰ প্ৰতিটো খোজতে লোকগীতেৰে ওপচাই তুলি মৃত্যুৰ পিনে আগুৱালে তেওঁ… ৰাখি গ’ল এক সুবিশাল ভৰাল। গোৱালপৰীয়া লোকগীতিক বিশ্বৰ দৰবাৰত লৈ যাবলৈ মনপ্ৰাণ ঢালি দিছিলে তেওঁ। গাৰ্হস্থ্য জীৱনৰ কথা চিন্তা কৰা নাই কেতিয়াও, সৌখিনতাক লৈও নহয়। সাধাৰণ সাজপাৰ, অথচ কি অসাধাৰণ ব্যক্তিত্ব, সৌন্দৰ্য।”- হয় এয়াই প্ৰতিমা।

মৰিও অমৰ হৈ ৰোৱা প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্মদিনৰ দিনটোত আমিও শ্ৰদ্ধাৰে সুঁৱৰিছো। গোৱালপৰীয়া লোকগীতৰ মাজেৰে আমাৰ সকলোৰে মাজত সদায় জীয়াই থাকক ‘হস্তীৰ কন্যা’ প্ৰতিমা বৰুৱা পাণ্ডে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − 2 =

Check Also
Close
Back to top button