অসমআঞ্চলিকদুৰ্ঘটনা

পূজামণ্ডপৰ ভিতৰতে কেনেকৈ মৃত্যু হ’ল প্ৰদীপ ৰাভাৰ!

গোৱালপাৰা জিলাৰ কৃষ্ণাই পূজামণ্ডপৰ ভিতৰতে মৃত্যুক সাৱটি লয় এজন লোকজনে

শাৰদীয় দুৰ্গা পূজাৰ আনন্দ উল্লাহৰ মাজতে গোৱালপাৰা জিলাৰ কৃষ্ণাইত সংঘটিত হয় এক শোকাৱহ ঘটনা৷ পূজা মণ্ডপৰ ভিতৰত উদ্ধাৰ হয় এজন লোকৰ মৃতদেহ। কৃষ্ণাইৰ বাবুপাৰৰ স্পোৰ্টিং ক্লাৱৰ উদ্যোগত অনুষ্ঠিত দুৰ্গাপূজাৰ পূজামণ্ডপৰ ভিতৰতে মৃত্যুক সাৱটি লয় প্ৰদীপ ৰাভা নামৰ লোকজনে। কৃষ্ণাইৰ বাবুপাৰ পূজাৰ পুৰোহিতৰ সহযোগী আছিল প্ৰদীপ ৰাভা। মৃত প্ৰদীপ ৰাভা কৃষ্ণাইৰ নিকটৱৰ্তী ভেলাখামাৰ গাঁৱৰ নিবাসী। বৰ্তমান এই ঘটনাই সমগ্ৰ কৃষ্ণাই অঞ্চলত সৃষ্টি কৰিছে চাঞ্চল্যৰ৷

 

ঘটনাস্থলীত আৰক্ষীৰ লোক আৰু মাটিয়া ৰাজহ চক্ৰ বিষয়া দণ্ডাধিক আহি উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহ। পাছত মৰোণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে মৃতদেহ৷ স্থানীয় লোক আৰু আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বিদ্যুৎ চালিত ফেনত বিদ্যুতস্পৃষ্ট হৈ মৃত্যু ঘটে প্ৰদীপ ৰাভাৰ৷

 

উল্লেখ্য যে, প্ৰদীপ ৰাভাই বিগত ৭ বছৰ ধৰি বাবুপাৰা শাৰদীয দুৰ্গা পূজাত পুজাৰীৰ সৈতে সহযোগী হিচাপে কাম কৰি আহিছিল৷ কিন্তু সোমবাৰে নিশা ভক্তপ্ৰাণ ৰাইজে পূজা উপভোগ কৰি ঘৰলৈ উভতি যোৱাৰ পিছত নিহত প্ৰদীপ ৰাভাই পূজা মণ্ডপত আন দিনৰ দৰে নিশাও থাকিবলৈ লয়৷ তেনে সময়তে ফেনত বিদ্যুতস্পৃষ্ট হৈ মৃত্যু ঘটে তেখেতৰ৷

 

 

মংগলবাৰে পুৱা দেৱীৰ সন্মুখত স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃত্যুদেহটো৷ তাৰ পাছতে ৰাইজৰ মাজত সৃষ্টি হয় হুৱাদুৱাৰ।ঘটনাস্থলীত আৰক্ষী লোক উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰে ৷ মৃত প্ৰদীপ ৰাভাৰ বুকুত আঘাতৰ চিন পোৱা হৈছে৷ নৱমীৰ দিনাই পূজা মণ্ডপৰ ভিতৰত এনে ঘটনা সংঘটিত হোৱাত পূজা-অৰ্চনাৰ ক্ষেত্ৰত কিছু ব্যঘাত জন্মে ৷ কিন্তু প্ৰশাসনে পূজা কৰিবলৈ অনুমতি দিলে আয়োজক সমিতিয়ে মাংগলিক নীতি-নিয়মৰ মাজেৰে পূজা সম্পূৰ্ণ কৰিব বুলি সমিতিৰ বিষয়ববীয়াই জানিবলৈ দিয়ে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.