ভাৰতৰাজনৈতিক

অন্যায়ৰ প্ৰত্যুত্তৰত সম্পূৰ্ণ মহাৰাষ্ট্ৰ বন্ধৰ আহ্বান!

জৰুৰী সেৱাৰ পৰিৱৰ্তে সকলো বন্ধ থাকিব মহাৰাষ্ট্ৰত!

সোমবাৰে মহাৰাষ্ট্ৰ বন্ধৰ আহ্বান কংগ্ৰেছ, NCP আৰু শিৱসেনাৰ। জৰুৰী সেৱাৰ পৰিৱৰ্তে সকলো বন্ধ থাকিব মহাৰাষ্ট্ৰত।

উত্তৰ প্ৰদেশৰ লক্ষীমপুৰ খিৰীত কৃষকক হত্যাৰ সন্দৰ্ভত আজি বন্ধৰ আহ্বান তিনি দলৰ। শিৱসেনাৰ ৰাজ্য সভাৰ সাংসদ সঞ্জয় ৰাউতৰ মন্তব্য, তিনিটা দলৰ নেতা আৰু কাৰ্যকৰ্তাৰ সম্পুৰ্ণ চেষ্টা চলাইছে এই বন্ধ সফল কৰাৰ বাবে।

উল্লেখ্য যে, লক্ষীমপুৰ খিৰিত যোৱা ৩ অক্টোবৰত সংঘটিত হৈছিল হিংসাত্মক ঘটনা। ৰাজপথত আন্দোলন কৰা কৃষকক মহতিয়াই নিয়া বাহনৰ ভিতৰত এখন বাহন আছিল কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰ আশীষ মিশ্ৰৰ। তাৰ পিছতেই যোৱা শনিবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল আশীষ মিশ্ৰক। এই দুৰ্ঘটনাত চাৰিজন কৃষকৰ মৃত্যু হোৱাৰ লগতে মৃত্যু হৈছিল এজন সাংবাদিক আৰু চাৰিজন সাধাকণ লোকৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one + 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.