অপৰাধঅসমআঞ্চলিক

তিতাবৰৰ অধ্যক্ষ ললিত শ্যামৰ একাউণ্টৰ পৰা কোনে লুটি নিলে ১৬লাখকৈ টকা!

চাইবাৰ অপৰাধীৰ কবলত পৰিল তিতাবৰ লাচিত নগৰৰ ললিত শ্যাম নামৰ এগৰাকী অৱসৰ প্ৰাপ্ত অধ্যক্ষ

তিতাবৰত সংঘটিত হৈছে চাইবাৰ অপৰাধৰ এক ঘটনা৷ চাইবাৰ অপৰাধীৰ কবলত পৰিল তিতাবৰ লাচিত নগৰৰ ললিত শ্যাম নামৰ এগৰাকী অৱসৰ প্ৰাপ্ত অধ্যক্ষ৷

 

অধ্যক্ষগৰাকীৰ দুইটাকৈ একাউণ্টৰ সকলো তথ্য চুৰি কৰি ধনলুট কৰে চাইবাৰ অপৰাধীৰ দলটোৱে। অধ্যক্ষ ললিত শ্যামৰ ATMৰ সকলো তথ্য চুৰ কৰি পঞ্জাৱ নেচনেল বেংক আৰু ষ্টেট বেংকৰ দুইটাকৈ একাউন্টৰপৰা ১৬ লাখকৈ টকা লুটি নিলে অপৰাধী দলটোৱে৷ ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰে অধ্যক্ষগৰাকীয়ে।

 

অধ্যক্ষ ললিত শ্যামৰ এজাহাৰৰ ভিত্তিত তিতাবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নৱম সৰোত্ৰোয়া নামৰ এজন যুৱকক। ভাৰতীয় দণ্ডবিধী আইনৰ অধীনত Case no – 123/122, U/S – 417/ 420 ভিত্তিত তিতাবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নৱম সৰোত্ৰিয়াক৷ ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে তিতাবৰ আৰক্ষীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × five =

Back to top button