Covid-19

আপোনাৰ শিশুটি ক’ভিড-১৯ত আক্ৰান্ত হ’লে কি কৰিব আপুনি?

Centres for Diseases Control and Prevention(CDC)ৰ তথ্য অনুসৰি, বিগত এটা সপ্তাহত দেশত প্ৰত্যেকদিনাই গড় হিচাপত হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৬০০ৰো অধিক শিশুক। প্ৰাপ্তবয়স্ক লোকসকলতকৈ শিশুসকল অধিক আক্ৰান্ত হৈছে।

ক’ভিডৰ তৃতীয় ঢৌৰ কৱলত ভাৰত। বিগত এমাহত দেশত ক’ভিডত আক্ৰান্ত হৈছে কেইবালাখ লোক। অসমতো ক’ভিডৰ ভয়াৱহ ৰূপ। দৈনিক আক্ৰান্ত হৈছে কেইবা হাজাৰ লোক। ক’ভিডৰ নতুন ভেৰিয়েণ্ট অ’মিক্ৰনতো আক্ৰান্ত হৈছে বহু লোক।

বৰ্তমান সময়ত পানী লগা, চৰ্দি, হাঁচি, কাহ, মূৰৰ বিষৰ লক্ষণ বহুতৰে মাজত দেখা পোৱা গৈছে। পিছে ক’ভিডৰ নতুন ঢৌত প্ৰাপ্তবয়স্ক লোকসকল আক্ৰান্ত হোৱাৰ সমান্তৰালকৈ শিশুসকলো আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে। Centres for Diseases Control and Prevention(CDC)ৰ তথ্য অনুসৰি, বিগত এটা সপ্তাহত দেশত প্ৰত্যেকদিনাই গড় হিচাপত হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৬০০ৰো অধিক শিশুক। প্ৰাপ্তবয়স্ক লোকসকলতকৈ শিশুসকল অধিক আক্ৰান্ত হৈছে।

চৰ্দি, কাহ, জ্বৰ, পানীলগা হ’লে আপুনি কেনেকৈ যত্ন ল’ব আপোনাৰ শিশুটিৰ?

⚫আপোনাৰ শিশুটিক যথেষ্ট পৰিমাণে পানী সেৱন কৰিবলৈ দিয়ক। শৰীৰটো হাইড্ৰেটেড হৈ থাকিলে জ্বৰ আৰু কাহ কিছু হ্ৰাস পাব।

⚫বুকু আৰু পিঠিত ব্যৱহাৰ কৰক Vapour Rubs। শিশুটিৰ নাকত পোনপটীয়াকৈ ব্যৱহাৰ নকৰিব Vapour Rubs। ইয়ে কেৱল ক্ষন্তেকীয়া সকাহহে প্ৰদান কৰিব শিশুটিক।

⚫যদি দুদিন ধৰি শিশুটিৰ চৰ্দি, কাহ, পানীলগা হৈ আছে, তেন্তে চিকিৎসকৰ পৰামৰ্শ লওঁক। মনত ৰাখিব সাধাৰণ জ্বৰ, পানীলগা আৰু ক’ভিড ১৯ৰ মাজত যথেষ্ট পাৰ্থক্য আছে।

⚫পৰিয়ালৰ লগতে শিশুসকলেও মাস্ক পিন্ধাটো জৰুৰী, যিয়ে আমাক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পৰা ৰক্ষা কৰিব।

⚫ঘৰৰ ভিতৰতেই হওঁক বা বাহিৰতেই হওঁক, জনসমাগমৰ পৰা পৰাপক্ষত আঁতৰি থাকক। যদিহে আপোনাৰ শিশুটিৰ লক্ষণ আছে, তেন্তে কোনো কাৰণতে ঘৰৰ পৰা ওলাই নাযাব।

⚫ইয়াৰোপৰি অভিভাৱকসকল শান্ত হৈ থকাটো যথেষ্ট জৰুৰী। মাক-দেউতাকৰ ভয়, শংকা শিশুসকলেও কিছু পৰিমাণে বুজি উঠে, সেয়েহে শিশুটি ক’ভিড-১৯ত আক্ৰান্ত হ’লে মাক-দেউতাক শান্ত হৈ থকাটো যথেষ্ট প্ৰয়োজনীয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − sixteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.