অসমআঞ্চলিক

বিকৃত ৰূপত ৰাষ্ট্ৰীয় পতাকা! গেৰুৱাৰ সলনি পতাকাত স্থান পালে হালধীয়া আৰু ৰঙাই

বিশ্বনাথ জিলাৰ বিহালী উন্নয়নখণ্ড আৰু বাঘমৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত একাংশ মহিলাগোটে তৈয়াৰ কৰি উলিয়ালে ওপৰে হালধীয়া নাই বাৰঙা , মাজত শুকুলা তলত শ্যাম ৰঙেৰে ৰাষ্ট্ৰীয় পতাকা

বিশ্বনাথৰ বিহালীত বিকৃত কৰা হ’ল ৰাষ্ট্ৰীয় পতাকাৰ ৰং৷ গেৰুৱা ৰঙৰ সলনি পতাকাত স্হান পালে হালধীয়া আৰু ৰঙাই৷
বিহালীত পতাকা প্ৰস্তুত কৰা পতাকাৰ গেৰুৱা অংশ হালধীয়া ৰঙেৰে প্ৰস্তুত কৰাত এতিয়া ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি অপমান বুলি অভিযোগ উথাপন কৰিছে সচেতন লোকে৷

বিশ্বনাথ জিলাৰ বিহালী উন্নয়নখণ্ড আৰু বাঘমৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত একাংশ মহিলাগোটে তৈয়াৰ কৰি উলিয়ালে ওপৰে হালধীয়া নাই বাৰঙা , মাজত শুকুলা তলত শ্যাম ৰঙেৰে ৰাষ্ট্ৰীয় পতাকা৷ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত ভি’অ গোট সমূহে প্ৰস্তুত কৰিছিল পতাকা সমূহ৷ সময় থাকোতে গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়াসকলে নিৰিক্ষণ কৰা হ’লে এনেদৰে ৰাষ্ট্ৰীয় পতাকাত হালধীয়া ৰং দি বিকৃত কৰাৰ দৰে ঘটনা সংঘটিত নহ’ল হয়৷

আনহাতে হৰ ঘৰ ত্ৰিৰংগা নামত বেপাৰ চলোৱাৰো অভিযোগ একাংশৰ৷ স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে অভিহিত কৰি প্ৰতিজন নাগৰিকক একোখনকৈ ৰাষ্ট্ৰীয় পতাকা নিজ ঘৰত উৰুৱাবলৈ চৰকাৰে দিয়া নিদেৰ্শনা এতিয়া একপ্ৰকাৰৰ ব্যৱসায়লৈ পৰ্যবসিত হৈছে৷

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve + 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.