অৰ্থনৈতিকঅসম

জনতাৰ মূৰত পুনৰ মাধমাৰ, পুনৰ ৫০ টকা ৰন্ধন গেছৰ মূল্য…

ৰন্ধন গেছৰ মূল্যই সঁচাকৈ অতিক্ৰম কৰিলে ১০০০ৰ

ভৱা মতেই যেন সকলো হ’ল! ৰন্ধন গেছৰ মূল্যই সঁচাকৈ অতিক্ৰম কৰিলে ১০০০ৰ ঘৰ।

আজিৰ পৰা ১৪.২ কিলোগ্ৰাম ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্যত আৰু ৫০ টকা বৃদ্ধি কৰা হৈছে ৷

শেহতীয়া সংশোধনৰ সৈতে, ১৪.২ কিলোগ্ৰাম ঘৰুৱা চিলিণ্ডাৰৰ মূল্য এতিয়া গুৱাহাটীত আজিলৈকে প্ৰতি চিলিণ্ডাৰত ১০৪৮.৫০ টকা হ’ব।

ঘৰুৱা ৰন্ধন গেছৰ মূল্য শেষবাৰৰ বাবে ২২ মাৰ্চত বৃদ্ধি কৰা হৈছিল আৰু এটা এলপিজি চিলিণ্ডাৰৰ মূল্য আছিল ৯৯৮.৫০ টকা।

ইফালে, যোৱা সপ্তাহত ১৯.৫কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১০২.৫০ টকা বৃদ্ধি কৰা হৈছিল, অৱশ্যে এতিয়া ইয়াক 8 টকা হ্ৰাস কৰা হৈছে। ইয়াৰ বৰ্তমান মূল্য ২৫০৭ টকা।

মিঠাতেলৰ পৰা আৰম্ভ কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম যি গতিত বাঢ়িবলৈ লৈছে, মধ্যবিত্ত শ্ৰেণীটোৱে এতিয়া জীয়াই থাকিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে। পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ বাবেই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আৰু অধিক বৃদ্ধি পাইছে বুলি আশংকা কৰা হৈছে ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − twelve =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.