Assamঅসমদৈনিক বাতৰি

ক্ৰীড়া সাংবাদিক বিপুল বৰ্মনৰ “এছিয়ান গেমছত অসমৰ খেলুৱৈ” গ্ৰন্থ উন্মোচন

ক্ৰীড়া সাংবাদিক বিপুল বৰ্মনৰ "এছিয়ান গেমছত অসমৰ খেলুৱৈ" গ্ৰন্থ উন্মোচন

ক্ৰীড়া সাংবাদিক বিপুল বৰ্মনৰ পঞ্চমখন গ্ৰন্থ “এছিয়ান গেমছত অসমৰ খেলুৱৈ” বুধবাৰে উন্মোচন কৰা হয়। চীনৰ হংজাওত চলি থকা উনবিংশতিতম এছিয়ান গেমছৰ মাজতে গুৱাহাটীৰ হোটেল গেটৱে গেন্ডৱেৰত এক গাম্ভিৰ্য্যপূৰ্ণ অনুষ্ঠানত উন্মোচিত হয় বিপুল বৰ্মনে লিখা ক্ৰীড়া গ্ৰন্থ খন।

১৯৫১ চনৰ পৰা আৰম্ভ হোৱা এছিয়ান গেমছত ২০১৮ চন পৰ্যন্ত অসমৰ ১৯ গৰাকী খেলুৱৈয়ে অংশ গ্ৰহণ কৰিছিল। ভোগেশ্বৰ বৰুৱাৰ পৰা হিমা দাসলৈ মুঠ ১৯ গৰাকী এছিয়ান গেমছৰ খেলুৱৈৰ জীৱন কাহিনী লৈ যুগুত কৰা সংকলনটো বুধবাৰে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে ১৯৮৬ চনৰ ছিউল এছিয়ান গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী শ্বুটাৰ জয়দ্বীপ দাস আৰু ১৯৮২ চনৰ এছিয়ান গেমছৰ খেলুৱৈ তৈয়বুন নিছাই।

অনুষ্ঠানটোত অতিথি হিচাপে উপস্থিত আছিল বিশিষ্ট ক্ৰীড়া সংগঠক ড: বিষ্ণুৰাম নুনিছা, ক্ৰীড়া সাংবাদিক জয়ন্ত কুমাৰ দাস, পাৰ্থ চক্ৰৱৰ্তী, পুলিন সাহা, বিশিষ্ট কাৰ্টুনিষ্ট প্ৰদীপ নাথ আৰু সফল চাইক্লিষ্ট প্ৰতিভু দত্ত। আটাইকেইজন অতিথিয়ে ক্ৰীড়া সাংবাদিক বিপুল বৰ্মনক ভূয়সী প্ৰশংসা কৰে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে বিপুল বৰ্মন উত্তৰ পূৰ্বাঞ্চলৰ মহান অলিম্পিয়ান সকল, হিমালয়ান স্কৰপিঅন বাইচুং ভূটীয়া, পূৰ্বোত্তৰৰ অৰ্জুন, অসমৰ পৰম্পৰাগত ক্ৰীড়া সংৰক্ষন প্ৰকাশ পাইছিল। বুধবাৰৰ উদ্ধোধনী সমাৰোহটো ৰাজ্যিক পৰ্য্যায়ৰ পৰামৰ্শদাতা সমিটি, ছাত্ৰ আৰু যুৱ কল্যাণ, অসম চৰকাৰৰ দ্বাৰা আয়োজন কৰা হৈছিল। এছিয়ান গেমছত অসমৰ খেলুৱৈ শীৰ্ষক ক্ৰীড়া গ্ৰন্থখন এঞ্জেল পাব্লিকেচনে প্ৰকাশ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 + one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.