InternationalInternationalleatest updatenationalnatural disasterআন্তঃৰাষ্ট্ৰীয়আমেৰিকাদৈনিক বাতৰিভাৰত

হায়দৰাবাদৰ ৰামোজী ফিল্ম চিটিত মঞ্চতে দুৰ্ঘটনাত মৃত্যু ঘটিল আমেৰিকান কোম্পানীৰ ভাৰতীয় চিইঅ’ৰ

লোহাৰ পিঞ্জৰা ভাঙি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বহুজাতিক চফটৱেৰ কোম্পানীৰ ভাৰতীয় প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্য্যবাহী সঞ্জয় শ্বাসৰ মৃত্যু হয়। কোম্পানীৰ অধ্যক্ষ গৰাকীও গুৰুতৰভাৱে আহত হয়

হায়দৰাবাদৰ ৰামোজী ফিল্ম চিটিত ৰূপালী জয়ন্তী অনুষ্ঠানত অঘটন। লোহাৰ পিঞ্জৰা ভাঙি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বহুজাতিক চফটৱেৰ কোম্পানীৰ ভাৰতীয় প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্য্যবাহী সঞ্জয় শ্বাসৰ মৃত্যু হয়। কোম্পানীৰ অধ্যক্ষ গৰাকীও গুৰুতৰভাৱে আহত হয়।

উল্লেখ্য যে, ভিষ্টেক্স এছিয়া পেচিফিক প্ৰাইভেট লিমিটেডৰ ৰূপালী জয়ন্তী উদযাপনৰ সময়ত সংঘটিত হয় এই দুৰ্ঘটনা। ৰূপালী জয়ন্তী অনুষ্ঠানত চিইঅ’ সঞ্জয় শ্বাস আৰু অধ্যক্ষ বিশ্বনাথ ৰাজুয়ে এটা লোহাৰ পিঞ্জৰাত প্ৰৱেশ কৰে, যিটো উচ্চতাৰ পৰা নমাই আনিব লাগিছিল আৰু নমাই অনাৰ সময়তে লোৰ শিকলি এফালে ভাঙি এই দুৰ্ঘটনা সংঘটিত হয়।

আৰক্ষীয়ে জনোৱা মতে, এই দুৰ্ঘটনাৰ পিছত দুয়োজনকে ততাতৈয়াকৈ কৰ্প’ৰেট চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু কিছুসময়ৰ পিছতে শ্বাসৰ মৃত্যু হয়। উপ পৰিদৰ্শক ডি কৰুনাকৰ ৰেড্ডীয়ে জনায় যে, কোম্পানীৰ বিষয়াৰ অভিযোগৰ ভিত্তিত ফিল্ম চিটি প্ৰগ্ৰেম মেনেজমেন্টৰ বিষয়া সকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 4 =

Back to top button