Assamnationalদৈনিক বাতৰিধৰ্মীয়ধাৰ্মিকভাৰত

আজিৰ পৰা আৰম্ভ হৈছে অযোধ্যাৰ ৰাম মন্দিৰৰ অভিষেক……….

৫১ ইঞ্চি উচ্চতাৰ ভগৱান ৰামৰ প্ৰতিমূৰ্ত্তি স্থাপন কৰা হ'ব। লগতে আজি সযু নদীৰ পাৰত দশম স্নান কৰিব। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অংশগ্ৰহণ কৰিব

৭ দিনীয়া ৰাতি-নীতিয়ে আজিৰ পৰা আৰম্ভ হৈছে ৰামলালা অভিষেক। শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসে বৈদিক ৰীতি-নীতিয়ে আৰম্ভ কৰিছে এই অভিষেক অনুষ্ঠান। অযোধ্যাৰ ৰাম মন্দিৰত পুৰোহিত ডঃ অনিল মিশ্ৰই সযু নদীত দশবিধি স্নান কৰি পৰাশ্চিত্ত হ’ব আৰু বৈদিক জপেৰে পূজা আৰম্ভ কৰিব । প্ৰথমে তপস্যা আৰু কম কুটি পূজা কৰি ইয়াৰ জৰিয়তে ৰামলালাৰ পৰা ক্ষমা বিচাৰিব। যিহেতু ৰাম লাল্লাৰ মূৰ্তি তৈয়াৰ কৰোঁতে হাতুৰীৰ ব্যৱহাৰৰ বাবে হয়তো তেওঁ আঘাত পাইছিল, সেয়েহে কম কুটি পূজা কৰি তেওঁৰ ওচৰত ক্ষমা বিচাৰা হৈছে । আজি ৫১ ইঞ্চি উচ্চতাৰ ভগৱান ৰামৰ প্ৰতিমূৰ্ত্তি স্থাপন কৰা হ’ব। লগতে আজি সযু নদীৰ পাৰত দশম স্নান কৰিব। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অংশগ্ৰহণ কৰিব।

২২ জানুৱাৰীত ৰাম মন্দিৰত হ’ব লগীয়া প্ৰাণ প্ৰতিষ্ঠাৰ পূবে মঙ্গলবাৰৰ পৰা ৰীতি-নীতি অনুসৰি অভিশেষ অনুষ্ঠান আৰম্ভ হৈছে। অহা ১৮ জানুৱাৰীত ৰাম মন্দিৰ নিদিষ্ট আসনত স্থাপন কৰা হ’ব ৰাম লাল্লাৰ প্ৰতিমূৰ্ত্তি। বিগত ৭০ বছৰে পূজা হৈ থকা বৰ্তমানৰ এই মূৰ্তিটো ও নতুন মন্দিৰ গভ গৃহত ৰখা হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.