Assamleatest updatenationalSocial

দিল্লীত স্তব্ধ জনজীৱন। ৩.৫ ডিগ্ৰী ছেলছিয়াছলৈ তাপমান হ্ৰাস দিল্লীত।

কুঁৱলীৰ বাবেই বাতিল হৈছে ৫০খনৰো অধিক বিমানৰ উৰণ

হাড় কপোৱা জাৰৰ কৱলত ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ দিল্লী। ৩.৫ ডিগ্ৰী ছেলছিয়াছলৈ তাপমান হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত স্তব্ধ হৈ পৰিছে জনজীৱন। কুঁৱলীৰ ডাঠ আচ্ছাদনৰ বাবে বিভিন্ন ঠাইৰ দৃশ্যমানো হ্ৰাস পাইছে শূন্যলৈ। কুঁৱলীৰ বাবেই বাতিল হৈছে ৫০খনৰো অধিক বিমানৰ যাত্ৰাৰ সময়সূচী।

আনহাতে প্ৰায় ৩০ খন ৰে’লৰ যাত্ৰাও স্থগিত ৰাখিবলগীয়া হৈছে কুঁৱলীৰ বাবে। উল্লেখনীয় যে দেওবাৰ আৰু সোমবাৰেও দিল্লীৰ পৰা উৰিবলগীয়া ৬০০খন বিমানৰ যাত্ৰা বিলম্ব হোৱাৰ বিপৰীতে ১০০খন বিমানৰ যাত্ৰা বাতিল কৰা হৈছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.