
জুবিন গাৰ্গৰ হত্যাৰ Chargsheet ৰ পৃষ্ঠাই পৃষ্ঠাই ভয়ংকৰ তথ্য। ২৯৫ পৃষ্ঠাৰ পৰা ৩০৫ নম্বৰ পৃষ্ঠাত কি ভয়ংকৰ তথ্য ?
প্ৰথম খবৰৰ হাতত জুবিন হত্যাৰ Chargsheet ৰ A To Z …
SIT য়ে CJM আদালতত দাখিল কৰিলে জুবিন হত্যাৰ Chargsheet…. সেই Chargsheet ত আছে এটা এটা ভয়ংকৰ তথ্য, যি তথ্যৰ বাবে অধীৰ অপেক্ষাৰে বাট চাই আছিল প্ৰতিজন জুবিন অনুৰাগী।
অভিযুক্ত ১ সিদ্ধাৰ্থ শৰ্মা। সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে কি তথ্য Chargsheet ত?
নিচাসক্ত বুলি জানিও সিদ্ধাৰ্থ নামিবলৈ দিছিল সাগৰত। মেনেজাৰ হিচাপে সিদ্ধাৰ্থ অৱগত আছিল চিকিৎসকে কি পৰামৰ্শ দিছিল জুবিনক। পানী আৰু জুই পৰা বিৰত থকাৰ স্পষ্ট কৰিছিল চিকিৎসক হিতেশ বৰুৱাই। মৃগীৰোগৰ কথা জানিও ভ্ৰমণৰ বাবে মেডিকেল ফিটনেছ চাৰ্টিফিকেট লোৱা নাছিল।
অভিযুক্ত ২ শ্যাম কানু মহন্ত….
২ টাকৈ নিশা মদ যোগান ধৰিছিল জুবিন গাৰ্গক শ্যামকানুৱে। ইয়ট পাৰ্টিৰ আয়োজকসকলক ভুক্তভোগীৰ চিকিৎসাজনিত অৱস্থাৰ বিষয়ে অৱগত নকৰা, পানীত ডুব যোৱাৰ ৭৫ মিনিট ধৰি চিকিৎসাৰ ব্যৱস্থা নকৰা, এম্বুলেন্সলৈ লৈ নোযোৱাৰ অভিযোগ।
অভিযুক্ত ৩ শেখৰ জ্যোতি গোস্বামী…
ছিংগাপুৰৰ সাগৰত ভাগৰি পৰিছিল জুবিন। এক প্ৰকাৰে লেবেজান, কিন্তু শেখৰে জানিছিল জুবিনে অত্যাধিক সুৰাপান কৰিছিল। তাৰপিছতো জুবিনক সাঁতুৰিবৰ বাবে উত্তেজিত কৰিছিল শেখৰে। হাওঁফাওঁত পানী জমা হৈ গৈছিল জুবিনৰ, এই কথা আছে SIT ৰ Chargsheet ত।
অভিযুক্ত ৪ সন্দীপন গাৰ্গ…
লাইফ জেকেট অবিহনে পানীত নামিবলৈ দিছিল সন্দীপন গাৰ্গে। পানীত ডুবাৰ সময়ত সন্দীপনৰ পৰা মাত্ৰ ২২৬ মিটাৰ নিলগত আছিল জুবিন গাৰ্গ। কিন্তু জুবিনক পানীৰ পৰা তুলি অনাৰ বিপৰীতে ৰং চাইছিল সন্দীপনে।
অভিযুক্ত ৫ অমৃত প্ৰভা মহন্ত…
২ টাকৈ নিশা জুবিনক মদ্যপান কৰুৱাইছিল অমৃতপ্ৰভা মহন্তই। পুৱতি নিশালৈ সাৰে থাকি জুবিনে নিচাসক্ত হৈ গৈছিল য়ট পাৰ্টিত। জুবিনৰ নিয়মীয়া ঔষধ,খাদ্য একোৱেই যোগান ধৰা নাছিল অমৃতপ্ৰভা, সিদ্ধাৰ্থই। এই অৱস্থাৰ কথা অৱগত কৰে নাছিল জুবিনৰ পত্নী,মেনেজাৰ আৰু চিকিৎসকক। এনেবোৰ বহু কথিত কথাই আছে SIT ৰ অভিযোগনামাত। ৰাইজে বিচাৰিছে দোষী সাব্যস্ত হোৱা কোনো যাতে সাৰি নাযায়। দোষীৰ উচিত শাস্তিৰ দাবী প্ৰতিজন জুবিন অনুৰাগীৰ।
