Socialঅসমআঞ্চলিক

অসমক বচাবলৈ হলে নিৰ্দয় হ’ব লাগিব, দয়া কৰি একো লাভ নাই, আকৌ হ’ব উচ্ছেদ…

অসমৰ মাটি অবৈধভাৱে দখল কৰি থকাসকলক এসেকা দিবলৈ যিকোনো পদক্ষেপ ল'বলৈ সাজু প্ৰশাসন

বেদখলকাৰীৰ বিৰুদ্ধে অব্যাহত আছে অসম প্ৰশাসনৰ উচ্ছেদ অভিযান। কিছুদিন পূৰ্বে ছিপাঝাৰৰ গৰুখুটিত উচ্ছেদ অভিযান চলায় আৰক্ষীয়ে। অসমৰ মাটি অবৈধভাৱে দখল কৰি থকাসকলক এসেকা দিবলৈ যিকোনো পদক্ষেপ ল’বলৈ সাজু প্ৰশাসন।

গৰুখুটিৰ পিছতে এইবাৰ উচ্ছেদ চলিব লমডিঙত। এই কথা সদৰী কৰে হোজাই সমষ্টিৰ প্ৰাক্তন বিধায়ক আৰু বিজেপিৰ নেতা শিলাদিত্য দেৱে। লামডিঙৰ বনাঞ্চলত হোৱা উচ্ছেদ সন্দৰ্ভত ২৬ জুনতেই ৰাজহুৱা স্বাৰ্থজনিত আৱেদন(PIL) দিয়া হৈছিল বুলি কয় নেতাগৰাকীয়ে।

উল্লেখযোগ্য যে, লামডিঙত বেদখল হোৱাৰ বাবে জংঘলৰ পৰিৱৰ্তে ৰাস্তাত থাকিবলগীয়া হৈছে বন্যহস্তী। শিলঘাটতো বহু সন্দেহজনক হাজাৰ হাজাৰ লোক আহি বসবাস কৰিছে বনাঞ্চলত।

অক্টোবৰৰ পৰা তিনিটা পৰ্যায়ত লামডিঙত উচ্ছেদ চলোৱা হ’ব বুলি মন্তব্য কৰে শিলাদিত্য দেৱে ।

নতুনকৈ বেদখল হোৱা অঞ্চলৰ পৰা সকলোকে আঁতৰাই, যি ঠাইৰ পৰা তেওঁলোক আহিছিল, তালৈ পঠিয়াই দিব লাগে বুলি মন্তব্য কৰে শিলাদিত্যই। আনকি, প্ৰায় সন্দেহজনক লোকেই চৰকাৰী সুবিধা পাই থকাৰ কথাও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.