জম্মু-কাশ্মীৰভাৰতৰাজনৈতিক

তালিবানৰ সহযোগত কাশ্মীৰ দখল কৰিব পাকিস্তানে?

পাকিস্তানী নেতাৰ বিস্ফোৰক মন্তব্যই সৃষ্টি কৰিছে চাঞ্চল্যৰ

তালিবানৰ উত্থানে বিপদত পেলাব নেকি ভাৰতক? এইয়া এতিয়া এটা ডাঙৰ প্ৰশ্ন।

টিভিৰ  এক অনুস্থানত পাকিস্তানী নেতাৰ বিস্ফোৰক মন্তব্যই সৃষ্টি কৰিছে চাঞ্চল্যৰ।

এটা পাকিস্তানী টিভি চেনেলত বিতৰ্ক অনুষ্ঠানত ইমৰান খানৰ দলৰ নেতা নীলম ইৰশাদ শ্বেইখে মন্তব্য কৰিছে যে, “তালিবান পাকিস্তানৰ সৈতে আছে আৰু অদূৰ ভৱিষ্যতে তালিবানৰ সহায়ত পাকিস্তানে কাশ্মীৰ জয় কৰিব।“ এংকৰে ইমৰান খানৰ দলৰ নেতাৰ সেই বক্তব্যত বাধা দিয়াৰ চেষ্টা কৰে যদিও,  তেওঁ গৌৰৱেৰে সেই বিষয়ে মন্তব্য অব্যাহত ৰাখে আৰু কাশ্মীৰ সম্পৰ্কে পাকিস্তানৰ অভিপ্ৰায় স্পষ্ট কৰে।

নিজৰ মন্তব্যত নীলম ইৰশাদ শ্বেইখে লগতে কয় যে, কাশ্মীৰ দখলৰ ক্ষেত্ৰত তালিবানে আমাক সমৰ্থন কৰিব।

উল্লেখ্য যে, আফগানিস্তান দখলৰ ক্ষেত্ৰত তালিবানে পাকিস্তানৰ পৃষ্ঠপোষকতা লাভ কৰিছে বুলি অভিযোগ উত্থাপন হৈ আহিছিল। সেই অভিযোগ পাকিস্তানে খণ্ডন কৰিছিল যদিও এতিয়া সত্য প্ৰমাণিত হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.