অপৰাধঅসমআঞ্চলিক

ছ’চিয়েল মিডিয়াত ভাইৰেল অশ্লীল ফটো, BPF কৰ্মীৰ বিৰুদ্ধে বিবাহিত মহিলাৰ FIR

বিপিএফৰ সদস্য জগত দাসৰ বিৰুদ্ধে ব্লেকমেইলিঙৰ অভিযোগ ভুক্তভোগীৰ

ছ’চিয়েল মিডিয়াত ভাইৰেল অশ্লীল ফটো। এগৰাকী বিবাহিত মহিলাৰ অশ্লীল ফটো সামাজিক মাধ্যমত ভাইৰেল হোৱা ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বাক্সাৰ শালবাৰীত।

উল্লেখ্য যে, বাক্সাৰ শালবাৰীৰ ৰৌমাৰী গাঁৱৰ জগত দাস নামৰ এগৰাকী বিপিএফ কৰ্মীয়ে চাকৰি দিয়াৰ প্ৰলোভনেৰে একে গাঁৱৰে এগৰাকী বিবাহিত মহিলাক পাঠশালাত থকা ককায়েকৰ ঘৰলৈ নি বলপূৰ্বকভাৱে শাৰীৰিক সম্পৰ্ক স্থাপন কৰে। বিভিন্ন ভয়-ভাবুকি প্ৰদান কৰাৰ লগতে মহিলাগৰাকীক নিচাজাতীয় টেবলেট সেৱন কৰোৱাৰ অভিযোগ তুলিছে ভুক্তভোগী মহিলাই।

শাৰীৰিক সম্পৰ্ক স্থাপনৰ বহুকেইখন অশ্লীল ফটো নিজৰ ম’বাইলত আৱদ্ধ কৰি ৰাখে জগত দাসে৷ মহিলাগৰাকীয়ে এই কথা ফাদিল কৰিলে পৰিয়ালৰ লোকক প্ৰাণে মৰাৰো ভাবুকি প্ৰদান কৰিছিল জগত দাসে ৷ কিন্তু তাৰ পিছতো লম্পট জগত দাসে সকলোবোৰ অশ্লীল ফটো সামাজিক মাধ্যমত মুকলি কৰি দিয়াত অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ।

ভুক্তভোগী মহিলা গৰাকীয়ে এতিয়া ন্যায় বিচাৰি আনন্দ বজাৰ আৰক্ষীৰ জৰিয়তে শালবাৰী থানাত অভিযুক্ত জগত দাসৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে বৰ্তমানলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত অসহায় হৈ পৰিছে মহিলাগৰাকী।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 3 =

Check Also
Close
Back to top button