Socialখাদ্য

মহিলা কৰ্মচাৰীৰ বাবে মাহেকীয়া ছুটী, Swiggyয়ে ঘোষণা কৰিলে নতুন নীতি…

উল্লেখ্য যে, ২০১৬ চনত প্ৰথম মহিলা ডেলিভাৰী সহযোগী নিয়োগ কৰা Swiggyত বৰ্তমান যথেষ্ট সংখ্যক মহিলা কৰ্মচাৰী কৰ্মৰত হৈ আছে। মহিলা সৱলীকৰণৰ বাবেই Swiggyয়ে গ্ৰহণ কৰিছে এই পদক্ষেপ।

ঋতুস্ৰাৱ হৈছে সকলো মহিলাৰ মাহেকীয়া সমস্যা। ঋতুস্ৰাৱৰ সময়ত মহিলাসকলে বিভিন্ন ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। সেয়েহে নিজৰ মহিলা কৰ্মচাৰীসকলৰ সুবিধাৰ্থে অনলাইন খাদ্য বিতৰণ কোম্পানী Swiggyয়ে কৰিছে এক বিশেষ ঘোষণা। মহিলা কৰ্মচাৰীসকলৰ সুবিধাৰ বাবে Swiggyয়ে ঘোষণা কৰিছে মাহেকীয়া period time-off পলিচি।

মাহেকীয়া হৈ থকাৰ সময়ত অতি কষ্টৰে মহিলাসকলে খাদ্যৰ ডেলিভাৰী দিবলৈ যাওঁতে মহিলাসকলে সন্মুখীন হোৱা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি Swiggyয়ে লৈছে এই বিশেষ পদক্ষেপ। নতুন পলিচি অনুসৰি Swiggyৰ ডেলিভাৰী দিয়া মহিলাসকলে মাহেকত দুদিনকৈ বন্ধ ল’ব পাৰিব।

কোম্পানীৰ নতুন নিৰ্দেশনাৰ কথা উল্লেখ কৰি কোম্পানীৰ উপ-সভাপতি মিহিৰ শ্বাহে কয়, “বহুতো মহিলাই মুখ্যতঃ এই সময়ত ৰাস্তাত বাহিৰলৈ যাওঁতে সন্মুখীন হোৱা অসুবিধাৰ বাবে ডেলিভাৰী কাম কৰিব নিবিচাৰে। আমি ঋতুগত প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ তেওঁলোকৰ কাষত থিয় হ’বলৈ দুদিনৰ সবেতন ছুটি বিচাৰিছো। ”

উল্লেখ্য যে, ২০১৬ চনত প্ৰথম মহিলা ডেলিভাৰী সহযোগী নিয়োগ কৰা Swiggyত বৰ্তমান যথেষ্ট সংখ্যক মহিলা কৰ্মচাৰী কৰ্মৰত হৈ আছে। মহিলা সৱলীকৰণৰ বাবেই Swiggyয়ে গ্ৰহণ কৰিছে এই পদক্ষেপ।

ছ’চিয়েল মিডিয়াত Swiggyয়ে নতুন পলিচিৰ কথা ঘোষণা কৰোতে সকলোৱে যোগাত্মক সঁহাৰি জনায়। period time-off পলিচিৰ উপৰিও Swiggyয়ে বাহনৰ অনুজ্ঞাপত্ৰ নোহোৱা মহিলাসকলক সহায় কৰিবলৈ ভাড়াত ইভি চাইকেল আৰু বাইকৰ সুবিধা কৰিছে।

মহিলাৰ বাবে Swiggyয়ে লোৱা পদক্ষেপক এতিয়া দেশজুৰি শলাগিছে সকলোৱে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.