অসমদুৰ্ঘটনা

হেঙেৰাবাৰীত চুইগি ডেলিভাৰী ল’ৰাৰ মৃতদেহ উদ্ধাৰ!

মৃতব্যক্তিজন গুৱাহাটীৰ মানিকনগৰৰ দীপংকৰ বৰা বুলি চিনাক্ত কৰা হৈছে

বুধবাৰে পুৱাৰ ভাগত মহানগৰীৰ হেঙেৰাবাৰী অঞ্চলৰ কিছু স্থানীয় লোকে চুইগি ডেলিভাৰী ল’ৰাৰ মৃতদেহ প্ৰত্য়েক্ষ কৰে।

মৃতব্যক্তিজন গুৱাহাটীৰ মানিকনগৰৰ দীপংকৰ বৰা বুলি চিনাক্ত কৰা হৈছে।

অৱশ্য়ে মৃত্য়ুৰ প্ৰকৃত কাৰণ এতিয়ালৈকে আৰক্ষীয়ে জানিব পৰা নাই; যদিও আৰক্ষীৰ তদন্ত অব্য়াহত আছে।

ইয়াৰ মাজতে, মহানগৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে যোৱা ডেৰ মাহত চহৰখনৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও মৃতদেহ উদ্ধাৰ কৰা হৈছে।

বাতৰি অনুসৰি, আৰক্ষীয়ে বেছিভাগ মৃতদেহ চিনাক্ত কৰাত ব্যৰ্থ হৈছে। অৱশ্যে, এই ঘটনাবোৰে চহৰখনত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four + 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.