দুৰ্ঘটনাভাৰত

চহৰনপুৰ-দিল্লী যাত্ৰীবাহী ট্ৰেইনত অগ্নিকাণ্ড, দপদপকৈ জ্বলিল কেইবাটাও দবা…

দবাকেইটাত যোৱা যাত্ৰীসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰা হয় ট্ৰেইনখনৰ পৰা

চহৰনপুৰৰ পৰা দিল্লীলৈ যোৱা এখন যাত্ৰীবাহী ট্ৰেইনত অগ্নিকাণ্ড। শনিবাৰে, দৌৰালা ট্ৰেইন ষ্টেচনৰ সমীপতে জ্বলি উঠিল এখন ট্ৰেইনৰ দুটাকৈ দবা।

অগ্নিৰ সূত্ৰপাত হৈ ৰে’লৰ ইঞ্জিনলৈ বিয়পি যায়। পৰৱৰ্তী সময়ত ইঞ্জিনৰ পৰা আঁতৰাই দিয়া হয় দবাকেইটা। শনিবাৰে পুৱা ৫.৩০ বজাত চহৰণপুৰৰ পৰা যোৱা এখন ট্ৰেইন ৭.৩০ বজাত দৌৰালা ষ্টেচন পোৱাৰ পিছতে ৰে’লৰ দবাৰ পৰা ওলোৱা ধোঁৱা প্ৰত্যক্ষ কৰে যাত্ৰীসকলে।

দবাকেইটাত যোৱা যাত্ৰীসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰা হয় ট্ৰেইনখনৰ পৰা। পৰৱৰ্তী সময়ত অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ ইঞ্জিনৰ পৰা পৃথক কৰে দবাকেইটা। শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। অৱশ্যে এই অগ্নিকাণ্ডত কোনো লোকৰে ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.