Socialঅপৰাধদৈনিক বাতৰি

SWIGGY ডেলিভাৰী বয়ৰ নৃশংস হত্যাৰ বলি ৰেষ্টুৰেন্টৰ মালিক

Swiggy Appৰ জৰিয়তে চিকেন বিৰিয়ানী আৰু পুৰী চবজীৰ অৰ্ডাৰ দিছিল এজন গ্ৰাহকে

অনলাইন খাদ্যৰ প্লেটফৰ্ম Swiggyৰ ডেলিভাৰী এজেন্টে ৰেষ্টুৰেন্টৰ মালিকক হত্যা কৰা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। এই ঘটনা সংঘটিত হৈছে দিল্লীৰ সমীপৱৰ্তী নয়দাত।

Mitra নামৰ এটা ব্যৱসায়িক কমপ্লেক্সৰ এখন ৰেষ্টুৰেন্টত Swiggy Appৰ জৰিয়তে চিকেন বিৰিয়ানী আৰু পুৰী চবজীৰ অৰ্ডাৰ দিছিল এজন গ্ৰাহকে। সময়মতে প্ৰস্তুত হৈছিল চিকেন বিৰিয়ানী, কিন্তু ৰেষ্টুৰেন্টৰ কৰ্মচাৰীয়ে পুৰী চবজীৰ অৰ্ডাৰ লওঁতে কিছু সময় লাগিব বুলি কোৱাত দুয়োপক্ষৰ মাজত বাক-বিতণ্ডাৰ সৃষ্টি হয়। ৰেষ্টুৰেন্টখনৰ স্বত্বাধিকাৰী সুনীল আগৰৱালে কাজিয়া ভাঙিবলৈ চেষ্টা কৰোতে হঠাত মূৰত বন্দুকেৰে গুলীয়াই সুনীল আগৰৱালক হত্যা কৰে ডেলিভাৰী এজেন্টজনে।

যদিও ততাতৈয়াকৈ তেওঁক কৰ্মচাৰীসকলে হাস্পতাললৈ লৈ যায়, তথাপি ডাক্তৰে মৃত ঘোষণা কৰে সুনীল আগৰৱালক।

CCTVৰ ফুটেজ পৰীক্ষা কৰি ধৃত এজেন্টৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ আৰু ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.