দিল্লীভাৰত

ছয় সপ্তাহৰ ভিতৰত লুটিয়েন্স বাংলো এৰিব লাগিব সুব্ৰমনিয়ান স্বামীয়ে

দিল্লী উচ্চ ন্যায়ালয়ৰ সুব্ৰমনিয়ান স্বামীলৈ চমন

দিল্লী উচ্চ ন্যায়ালয়ৰ সুব্ৰমনিয়ান স্বামীলৈ চমন। বুধবাৰে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ড০ সুব্ৰমনিয়ান স্বামীক দিল্লী উচ্চ ন্যায়ালয়ে দিল্লীস্থিত লুটিয়েন্স বাংলোত থকা তেওঁৰ চৰকাৰী আৱাসটো খালী কৰিবলৈ কয়। অহা ছয় সপ্তাহৰ ভিতৰত কৰ্তৃপক্ষক হস্তান্তৰ কৰিব লাগিব বাংলোটো। ন্যায়াধীশ যশৱন্ত বৰ্মাই কয় যে, লুটিয়েন্স বাংলোটো পাঁচ বছৰৰ বাবে সুব্ৰমনিয়ান স্বামীক আৱণ্টন কৰা হৈছিল কিন্তু বৰ্তমান সমাপ্ত হৈছে সেই সময়সীমা।

 

২৪ এপ্ৰিললৈকে সংসদৰ উচ্চ সদনৰ সদস্য হৈ থকা সুব্ৰমনিয়ান স্বামীয়ে আদালতৰ কাষ চাপিছিল আৰু দাবী কৰিছিল যে, জেড শ্ৰেণীৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় নিৰাপত্তা ব্যৱস্থাৰ কথা মনত ৰাখি, তেওঁক মূলতঃ আৱণ্টন কৰা বাসস্থানটো তেওঁৰ পক্ষত অব্যাহত ৰাখিব লাগে।

 

সুব্ৰমনিয়ান স্বামীয়ে আগতে দাখিল কৰা এখন আৱেদনৰ নিষ্পত্তি কৰোঁতে ন্যায়াধীশ যশৱন্ত বৰ্মাই কয় যে, কৰ্তৃপক্ষই কৰিবলগীয়া কামটো হ’ব যে আবেদনকাৰীয়ে যি আৱাসিক চৌহদ দখল কৰিব সেই আৱাসিক চৌহদত পৰ্যাপ্ত ব্যৱস্থা কৰা যাতে তেওঁৰ নিৰাপত্তা সুৰক্ষিত হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + six =

Back to top button