অৰুণাচল প্ৰদেশঅসমআঞ্চলিক

ওফন্দি উঠিছে সোৱণশিৰি, আতংকিত নৈপৰীয়া ৰাইজ

দুদিন ধৰি অৰুণাচল প্ৰদেশত হৈ থকা নেৰা-নেপেৰা বৰষুণৰ বাবেই ওফন্দি উঠিছে সোৱণশিৰি নৈ

ওফন্দি উঠিছে সোৱণশিৰি নৈ। অৰুণাচলত নেৰানেপেৰা বৰষুণৰ বাবে বৃদ্ধি পাইছে সোৱণশিৰিৰ জলপৃষ্ঠ। আতংকিত হৈ পৰিছে সোৱণশিৰিৰ নৈপৰীয়া ৰাইজ।

যিকোনো মুহূৰ্ততে পানী এৰি দিব পাৰে নীপকোৱে। ধেমাজি, লখিমপুৰ, মাজুলীলৈ অভাৱনীয় বিপদঘণ্টা মাতি আনিছে সোৱণশিৰিৰ পানীয়ে।

ধেমাজি জিলাৰ গেৰুকামুখত নিৰ্মীয়মাণ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ ওপৰেদি পানী বোৱাত এতিয়া শংকিত হৈ পৰিছে ৰাইজ ৷ ৭৫ শতাংশ কাম সম্পূৰ্ণ হৈ উঠা ২০০০ মেগাৱাট শক্তি সম্পন্ন প্ৰকল্পটোৰ বান্ধৰ ওপৰেৰে পানী বাগৰাত আতংকিত হৈ পৰিছে সোৱণশিৰিৰ নামনি অঞ্চলবাসী।

দুদিন ধৰি অৰুণাচল প্ৰদেশত হৈ থকা নেৰা-নেপেৰা বৰষুণৰ বাবেই ওফন্দি উঠিছে সোৱণশিৰি নৈ। প্ৰবল বানত প্ৰকল্পটোৰ ৪০ মিটাৰৰ মূল বান্ধটোৰ ওপৰেদি পানী বাগৰিছে।

প্ৰকল্প কৰ্তৃপক্ষই কাষৰীয়া ৰাইজৰ কোনো অনিষ্ট নহয় বুলি দাবী কৰিছে যদিও আশ্বস্ত হ’ব পৰা নাই সোৱণশিৰি নৈপৰীয়া ৰাইজ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.