অসমখেলগুৱাহাটী

ৰাষ্ট্ৰীয় ছাত্ৰ অলিম্পিকত ২০২১ত অসমে লাভ কৰিলে ৫টা সোণৰ, এটা ৰূপৰ পদক

সোমবাৰে সন্ধিয়া পদক জয়ী ছাত্ৰ অলিম্পিকৰ দলটো গুৱাহাটীত উপস্থিত হয়।

যোৱা ১৭ ছেপ্টেম্বৰ পৰা ১৯ ছেপ্টেম্বৰলৈ হাৰিয়ানাৰ ‘ৰোহটক মেহাম ৰোয়েল স্কুলত অনুষ্ঠিত হোৱা সপ্তম সংখ্যক ‘ৰাষ্ট্ৰীয় ছাত্ৰ অলিম্পিক ক্ৰীড়া প্ৰতিযোগিতা’- ২০২১ত অসমৰ ৫গৰাকী খেলুৱৈয়ে লাভ কৰিবলে সক্ষম হৈছে সোণৰ পদক।

অসমৰ হৈ প্ৰতিনিধিত্ব কৰা ছয় গৰাকী খেলুৱৈৰ পাঁচ গৰাকীয়ে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। পাঁচ গৰাকী খেলুৱেই উশ্বু খেলৰ প্ৰতিযোগী৷ খেলুৱে কেইগৰাকী- মোহন সিং ৰাভা, ধৰ্মেন্দ্ৰ বড়ো, ৰাজ কুমাৰ বড়ো, কিশোৰজ্যোতি শালৈ, সত্যজিৎ ৰাভা৷

প্ৰতিযোগিতাখনত ফুটবল, ভলীবল, হেণ্ডবল, এথলেটিকচ, থ্ৰবল, বক্সিং, কাবাডী, আৰ্চাৰী, খো-খো, শ্বুটিং, টাইকোৱাণ্ডো, ৰেষ্টলিং, চেচ, কেৰম, যোগা বেডমিন্টন আদি খেল অনুষ্ঠিত হৈছিল৷ সোমবাৰে সন্ধিয়া অসমৰ পদক জয়ী ছাত্ৰ অলিম্পিকৰ দলটো গুৱাহাটীত উপস্থিত হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.