ইউক্ৰেইনৰ খাৰকীভত প্ৰৱেশ কৰিলে ৰাছিয়ান সৈন্য, পিছে ইউক্ৰেইনৰ সৈন্যৰ হাতত ধৰাশায়ী ৰাছিয়াৰ সৈন্য…
উল্লেখ্য যে, ৰাছিয়ান সৈন্যই যদিও আক্ৰমণ অব্যাহত ৰাখিছে, তথাপি বেলাৰুছত ইউক্ৰেইনৰ সৈতে শান্তি আলোচনাত মিলিত হ'ব বিচাৰিছে ৰাছিয়া
ইউক্ৰেইনৰ চহৰ কিভত আক্ৰমণ কৰাৰ পিছতে দেওবাৰে খাৰকীভত প্ৰৱেশ কৰিলে ৰাছিয়ান সৈন্য। ইউক্ৰেইনৰ দ্বিতীয় বৃহৎ চহৰ খাৰকীভত প্ৰৱেশ কৰি ৰাছিয়াৰ সৈন্যসকলে বিস্ফোৰিত কৰে গেছৰ পাইপলাইন।
যদিও ৰাছিয়াৰ সৈন্যই বীৰদৰ্পে খাৰকিভত প্ৰৱেশ কৰে তথাপি ইউক্ৰেইনৰ সৈন্যৰ হাতত ধ্বংস হয় ৰাছিয়াৰ কেইবাখনো যুদ্ধ বাহন।
Another column of Putin’s mil machinery burns in Kharkiv! Glory to Ukraine. pic.twitter.com/VdGODN0OzB
— olexander scherba🇺🇦 (@olex_scherba) February 27, 2022
উল্লেখ্য যে, ৰাছিয়ান সৈন্যই যদিও আক্ৰমণ অব্যাহত ৰাখিছে, তথাপি বেলাৰুছত ইউক্ৰেইনৰ সৈতে শান্তি আলোচনাত মিলিত হ’ব বিচাৰিছে ৰাছিয়া।