আন্তঃৰাষ্ট্ৰীয়

শান্তি আলোচনালৈ আহিব ৰাছিয়া-ইউক্ৰেইন, কিন্তু ৰাছিয়াই নিৰ্ধাৰিত কৰা স্থানলৈ নাযায় ইউক্ৰেইন…

ৰাছিয়াই দিয়া স্থান-বেলাৰুছত শান্তি আলোচনাত মিলিত নহয় ৰাষ্ট্ৰপতিগৰাকী।

শান্তি আলোচনালৈ আহিব ইউক্ৰেইন-ৰাছিয়া। শনিবাৰে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে ৰাছিয়াৰ সৈতে শান্তি আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে যদিও ৰাছিয়াই দিয়া স্থান-বেলাৰুছত শান্তি আলোচনাত মিলিত নহয় ৰাষ্ট্ৰপতিগৰাকী।

ইয়াৰ পৰিৱৰ্তে জেলেনস্কিয়ে দিছে তিনিটা বিশেষ স্থান-ৱাৰশ্ব’, ব্ৰাটিচলাভা, ইচটানবুল, বুডাপেষ্ট অথবা বাকো। এক ভিডিঅ’ যোগে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, ‘আমি আলোচনা কৰিব বিচাৰো, আমি যুদ্ধৰ অন্ত পেলাব বিচাৰো। কিন্তু এনে এখন ঠাইত শান্তি আলোচনা কৰিব বিচাৰো য’ত কোনোধৰণৰ হত্যা-হিংসা নাথাকিব’।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × three =

Back to top button