অসমআঞ্চলিক

আজিৰে পৰা আৰম্ভ পৱিত্ৰ ভাদ মাহ! হৰি নামৰ ধ্বনিৰে মুখৰিত নামঘৰ

অসমীয়া জাতীয় জীৱনৰ অতিকৈ পৱিত্ৰ মাহ মনা হয় ভাদ মাহক

আজিৰে পৰা আৰম্ভ পৱিত্ৰ ভাদ মাহ! নামঘৰ সমূহত আজিৰে পৰা আৰম্ভ নাম-কীৰ্তন৷ অগণন ভক্তই ভিৰ কৰিছেহি নামঘৰ৷ অসমীয়া জাতীয় জীৱনৰ অতিকৈ পৱিত্ৰ মাহ মনা হয় ভাদ মাহক৷ আজিৰ পৰা এটা মাহ বায়নৰ খোলৰ চাপৰ, গায়নৰ গীতৰ ৰাগ, হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ থাকিব ৰাজ্যৰ প্ৰতিটো নামঘৰ।

গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাতো শাওন ভাদৰ সংক্ৰান্তিৰ দিনাৰ পৰা পৰম্পৰাগত ভাৱে ওঠৰ প্ৰসংগৰে নাম প্ৰতিষ্ঠিত কৰি ৰখা হয়।পৱিত্ৰ ভাদ মাহৰ পহিলা দিনটোৰ পৰা শেষৰ তাৰিখলৈ ভকত বৈষ্ণৱ, আই মাতৃয়ে হৰি নাম কীৰ্তনৰে মুখৰিত কৰি তুলিব বটদ্ৰৱাৰ আকাশ-বতাহ। বটদ্ৰৱা থানত সমগ্ৰ ভাদ মাহটোৰ ওৰে দিন আৰু নিশা ৯ মান বজালৈ খোল-তাল-গীত-মাতৰ শব্দৰে ৰজনজনাই থাকে।

পৱিত্ৰ ভাদ মাহ উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লক্ষাধিক ভকত বৈষ্ণৱ, আই মাতৃসকলে বটদ্ৰৱাৰ আকাশ বতাহ মুখৰিত কৰি দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱা থানত ভাদ মাহ উপলক্ষে উখল মাখল পৰিবেশৰ সৃষ্টি কৰি নান্দনিক ভক্তি ৰসৰ সূচনা কৰে।

উল্লেখ্য যে পৱিত্ৰ বটদ্ৰৱা থানত প্ৰতিদিনে ১৪ প্ৰসংগ হয় যদিও ভাদ মাহটোত ১৮ প্ৰসংগ পৰিবেশন কৰা হয়। আন সময়ত অনুষ্ঠিত হোৱা চৈধ্য প্ৰসংগৰ লগত ভাদ মাহত আৰু চাৰিটা প্ৰসংগ যোগ হৈ কাহিলিপুৱাৰ পৰা নিশা ৯ বজালৈ ওঠৰ প্ৰসংগ ধাৰাবাহিক ক্ৰম অনুসৰি অনুষ্ঠিত হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four − 1 =

Back to top button