অসমধৰ্মীয়

শ্ৰীকৃষ্ণ জন্মাষ্টমী! ৪ টা ৰাশিৰ কাইলৈ হ’ব ভাগ্য উদয়, কি কি এই বিশেষ ৰাশিকেইটা?

দেশজুৰি পূৰ্ণগতিত আৰম্ভ হৈছে জন্মাষ্টমীৰ আয়োজন

কাইলৈ শ্ৰীকৃষ্ণ জন্মাষ্টমী! ৪ টা ৰাশিত আছে ভগৱান শ্ৰীকৃষ্ণৰ বিশেষ কৃপা, কি কি এই বিশেষ ৰাশি?

দেশজুৰি পূৰ্ণগতিত আৰম্ভ হৈছে জন্মাষ্টমীৰ আয়োজন৷ বিশ্বাস অনুসৰি ভাদ মাহৰ কৃষ্ণ পক্ষ অষ্টমীৰ দিনা ৰোহিনী নক্ষত্ৰত ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। সেয়েহে এই দিনটোত ভগৱান শ্ৰীকৃষ্ণৰ শিশুৰূপক পূজা কৰা হয়।

উল্লখ্য যে জ্যোতিষত ১২টা ৰাশি আছে, এই ১২টা ৰাশিৰ ভিতৰত ৪ টা ৰাশিত আছে ভগৱান শ্ৰীকৃষ্ণৰ বিশেষ কৃপা৷ সেইকেইটা ৰাশিৰ লোকৰ লগত ভগৱান শ্ৰীকৃষ্ণ সদায় থাকে৷ আহক চোন জানো সেইকেইটা ভাগ্যৱান ৰাশি কি কি?

-বৃষ ৰাশি

ভগৱান শ্ৰীকৃষ্ণক বিষ্ণুৰ অৱতাৰ বুলি গণ্য কৰা হয়। জ্যোতিষ বিজ্ঞান অনুসৰি তেওঁ বৃষ ৰাশিৰ প্ৰতি আকৰ্ষিত। বৃষ ৰাশিৰ লোকসকলৰ ওপৰত ভগৱান শ্ৰীকৃষ্ণৰ বিশেষ কৃপা আছে। গতিকে বৃষ ৰাশিৰ লোকসকলে ভগৱান শ্ৰীকৃষ্ণৰ পূজা কৰিলে অধিক ভাল ফল লাভ কৰিব।

-কৰ্কট ৰাশি

বৃষ ৰাশিৰ বাহিৰেও ভগৱান শ্ৰীকৃষ্ণৰ কৃপা কৰ্কট ৰাশিতো আছে। কৰ্কট ৰাশিৰ লোকসকলে ভগৱান শ্ৰীকৃষ্ণৰ কৃপাত প্ৰতিটো কামতে সফলতা লাভ কৰে। ভগৱান শ্ৰীকৃষ্ণৰ বিশেষ কৃপাত এই ৰাশিৰ লোকসকলে মৃত্যুৰ পিছত মোক্ষ লাভ কৰে বুলি বিশ্বাস কৰা হয়।

-সিংহ ৰাশি

সিংহ ৰাশিৰ লোকসকলৰ ওপৰতো আছে ভগৱান শ্ৰীকৃষ্ণৰ বিশেষ কৃপা। বিশ্বাস কৰা হয় যে এই ৰাশিৰ লোকসকল পৰিশ্ৰমী আৰু তেওঁলোকে নিশ্চিতভাৱে তেওঁলোকৰ কষ্টৰ ফল পায়। একে সময়তে সিংহ ৰাশিৰ লোকসকলে ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰাণীৰ পূজা কৰিলে জীৱনত ভাল ফল লাভ কৰিব।

-তুলা ৰাশি

ভগৱান শ্ৰীকৃষ্ণৰ তুলা ৰাশিৰ ওপৰতো বিশোষ কৃপা আছে। এই ৰাশিৰ লোকসকলৰ লগত সদায় শ্ৰীকৃষ্ণৰ আশীৰ্বাদ থাকে। ভগৱানৰ কৃপাত তুলা ৰাশিৰ মানুহে জীৱনত সকলো সুখ পায়। এইসকল লোকে ভগৱান শ্ৰীকৃষ্ণৰ নাম জপ কৰি থাকিব লাগে অথবা ভগৱান শ্ৰীকৃষ্ণক আৰাধনা কৰা উচিত৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve + 16 =

Back to top button