Socialঅসমবলিউড

সহায় বিচাৰি অভিনেতা চনু ছুডৰ ঘৰ পালেগৈ অসমৰ ৰাজু। পিছে কোন এই ৰাজু!

শিৱসাগৰৰ যুৱক ৰাজুৰ কাষত থিয় দিলে অভিনেতা চনু ছুডে

দৰিদ্ৰসকলৰ বাবে ভগৱানস্বৰূপ জনপ্ৰিয় অভিনেতা চনু ছুড। বিপদৰ সময়ত সদায়েই জনতাৰ কাষত থাকে অভিনেতাজন। ক’ভিদৰ সময়ত আৰ্তজনৰ কাষত সদায়েই থিয় হৈ আছিল চনু। অভিনেতা চনুৰ এই মহানুভৱতা সঁচাই প্ৰশংসনীয়।

জনতাৰ বন্ধু চনু ছুডে এইবাৰ সহায়ৰ হাত আগবঢ়ালে অসমৰ এজন যুৱকক। শিৱসাগৰৰ ৰাজু আলী নামৰ যুৱকজনৰ কাষত থিয় দিলে তেওঁ। এটি দূৰ্ঘটনাত চিৰদিনৰ বাবে দুয়োখন হাত হেৰুৱাই হতাশাত ভোগা শিৱসাগৰৰ ৰাজুৰ দুহাত পুনৰ শৰীৰত সংযোগ হ’ল বলীউডৰ জনপ্ৰিয় অভিনেতা চনু ছুডৰ বদান্যতাত। দুয়োখন হাত নথকা শিৱসাগৰৰ ৰাজুয়ে প্ৰায় তিনি লাখ টকাৰ মূল্যৰ দুখনকৈ বৈদ্যুতিক চাৰ্জিং হাত লাভ কৰা ঘটনা সৰ্বাধিক চৰ্চাৰ বিষয় হৈ পৰিছে।

 

উল্লেখ্য যে শিৱসাগৰ ষ্টেচন চাৰি আলিৰ স্থায়ী নিবাসী ৰাজু আলী পেছাত এগৰাকী গাড়ীচালক। প্ৰায় ৫৭ বছৰীয়া ৰাজু আলীয়ে আজিৰ পৰা কেইটামান বছৰৰ পূৰ্বে সংঘটিত এক ভয়ানক দুৰ্ঘটনাত কিলাকুটিৰ তলতেই দুয়োখন হাত হেৰুৱাইছিল। প্ৰায় ডেৰ বছৰ চিকিৎসাধীন হৈ থকাৰ পিছত চিকিৎসালয়ৰ পৰা সুস্থ হৈ ঘৰলৈ উভতিছিল যদিও ৰাজু আলী হৈ পৰিছিল শাৰীৰিকভাৱে সম্পূৰ্ণ অক্ষম। অৱশেষত ৰাজু আলী কাষ চাপিল অভিনেতা চনু ছুডৰ। ২৬ অক্টোবৰত অকলেই ৰে’ল যাত্ৰা কৰি মুম্বাই পালেগৈ ৰাজু আলী। চনু ছুডে পলম নকৰি ৰাজু আলীৰ বাবে বৈদ্যুতিক চাৰ্জাৰযুক্ত দুখন হাতৰ ব্যৱস্থা কৰে।

 

অভিনেতা চনু ছুডৰ এই কামে আকৌ এবাৰ প্ৰমাণ কৰে যে তেখেত সচাঁকৈয়ে দৰিদ্ৰৰ ভগৱান।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × five =

Back to top button