solar eclipseজ্যোতিৰ্বিজ্ঞান

আজি বছৰটোৰ অন্তিমটো চন্দ্ৰগ্ৰহণ। গ্ৰহণৰ সময়ছোৱাত গৰ্ভৱতী মহিলাসকলে কেনেদৰে ল’ব সাৱধানতা!

জনবিশ্বাস অনুসৰি, গৰ্ভৱতী মহিলাৰ বাবে গ্ৰহণ বেয়া

আজি বছৰটোৰ অন্তিম তথা দীৰ্ঘতম চন্দ্ৰগ্ৰহণ। ভাৰতীয় সময় অনুসৰি বিয়লি ২:৩৯ মিনিটত আৰম্ভ হৈ সন্ধিয়া ৬:১৯ মিনিটত সামৰণি পৰিব চন্দ্ৰগ্ৰহণ। ৩:৪৪ মিনিটত হ’ব পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ।

পৰম্পৰা অনুসৰি চন্দ্ৰগ্ৰহণৰ সময়ত কিছুমান কাম কৰিব লাগে আৰু কিছুমান নালাগে। জনবিশ্বাস অনুসৰি, গৰ্ভৱতী মহিলাৰ বাবে গ্ৰহণ বেয়া আৰু তেওঁলোকে নিজৰ লগতে হ’বলগীয়া সন্তানৰ কল্যাণৰ বাবে গ্ৰহণৰ সময়ছোৱাত বিশেষ যত্ন ল’ব লাগে।

প্ৰথম নিয়ম বা সীমাবদ্ধতা হৈছে যে গৰ্ভৱতী মহিলাসকলে গ্ৰহণৰ সময়ত ঘৰৰ পৰা ওলাই আহিব নালাগে কিয়নো ই গৰ্ভজাত সন্তানৰ ক্ষতি কৰিব পাৰে।
দ্বিতীয়তে গ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাসকলে শুব নালাগে।তৃতীয়তে, গৰ্ভৱতী মহিলাসকলে গৰ্ভজাত সন্তানৰ সুৰক্ষাৰ বাবে গ্ৰহণৰ সময়ছোৱাত একো খাব নালাগে।
চতুৰ্থতে গ্ৰহণৰ সময়ত ঘৰৰ খিৰিকী আৰু দুৱাৰসমূহ বন্ধ ৰাখিব লাগে।

পঞ্চমতে, গ্ৰহণৰ সময়ত তীক্ষ্ণ সঁজুলি লগত ৰাখিব বা ব্যৱহাৰ কৰিব নালাগে।
ষষ্ঠতে, গ্ৰহণ শেষ হোৱাৰ পিছত গা ধুব লাগে।

গ্ৰহণ এটা প্ৰাকৃতিক পৰিঘটনা। গৰ্ভধাৰণৰ ওপৰত ইয়াৰ প্ৰভাৱ আছে নে নাই সেয়া অৱশ্যে সম্পূৰ্ণৰূপে ব্যক্তিগত বিশ্বাস।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 4 =

Back to top button