জম্মু-কাশ্মীৰ

হিন্দু শিক্ষয়িত্ৰীক গুলীয়াই হত্যা কৰাৰ পাছত জম্মু-কাশ্মীৰত পুনৰ এজন হিন্দু লোকক গুলীয়াই হত্যা…

উল্লেখ্য যে, ৰাজস্থানৰ হনুমানগড় জিলাৰ নিবাসী বিজয় কুমাৰে কিছুদিন পূৰ্বে কুলগামৰ এটা বেংকত যোগদান কৰিছিল। ইতিমধ্যে, সন্ত্ৰাসবাদীক কৰায়ত্ত কৰিবৰ বাবে ঘটনা সংঘটিত হোৱা অঞ্চলটোত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে।

জম্মু-কাশ্মীৰত সাধাৰণ নাগৰিকলৈ লক্ষ্য কৰি বাৰে-বাৰে গৰজিছে সন্ত্ৰাসবাদীৰ গুলী। এগৰাকী হিন্দু শিক্ষয়িত্ৰীক হত্যা কৰাৰ পাছত এইবাৰ পোহৰলৈ আহিছে আন এক ঘটনা। কাশ্মীৰৰ কুলগাম অঞ্চলত ৰাজস্থানৰ এজন বেংক মেনেজাৰক গুলীয়াই হত্যা কৰা হয়।

 

ইলাকাহী দেহাটী বেংকৰ আৰে শাখাত সন্ত্ৰাসবাদী প্ৰৱেশ কৰি গুলীয়াই হত্যা কৰে বিজয় কুমাৰ নামৰ মেনেজাৰজনক। চিচিটিভিৰ ফুটেজ অনুসৰি সন্ত্ৰাসবাদীয়ে বেংকত প্ৰৱেশ কৰি বিজয় কুমাৰক গুলীয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰে। পৰৱৰ্তী সময়ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মেনেজাৰজনক ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱা হয় যদিও হাস্পতালতে শেষ নিশ্বাস ত্যাগ কৰে বিজয় কুমাৰে।

 

উল্লেখ্য যে, ৰাজস্থানৰ হনুমানগড় জিলাৰ নিবাসী বিজয় কুমাৰে কিছুদিন পূৰ্বে কুলগামৰ এটা বেংকত যোগদান কৰিছিল। ইতিমধ্যে, সন্ত্ৰাসবাদীক কৰায়ত্ত কৰিবৰ বাবে ঘটনা সংঘটিত হোৱা অঞ্চলটোত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে।

এই ঘটনাৰ দুদিন পূৰ্বে এগৰাকী হিন্দু শিক্ষয়িত্ৰী ৰজনী বালাক সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰাৰ পাছত কুলগামত এয়া হৈছে দ্বিতীয়টো হত্যাকাণ্ডৰ ঘটনা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one + 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.