Socialজীৱনশৈলী

চাইকেল মেৰামতি কৰি IAS হোৱাৰ যাত্ৰা, বৰুণ বৰানৱালৰ সংগ্ৰাম কাহিনীয়ে অনুপ্ৰেৰণা যোগাব আপোনাক…

বৰুণ বৰানৱাল, মহাৰাষ্ট্ৰ, থানেৰ বৰুণে ২০১৩ চনত অনুষ্ঠিত হোৱা অসামৰিক সেৱাৰ পৰীক্ষাত ৩২ নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। জীৱনৰ সকলো বাধাৰ বিপক্ষে থিয় দি বৰুণে পূৰ্ণ কৰিছিল সপোন। বিচাৰি উলিয়াইছিল, জীৱনৰ সকলো সমস্যাৰ এটা সমাধানসূত্ৰ-IAS বিষয়া হোৱা।

সপোন সকলোৱে দেখে, কিন্তু চেষ্টাৰ অভাৱ অথবা পৰিস্থিতিয়ে সলনি কৰে সপোনৰ পথ। জীৱনত বাধা-বিঘিনি আহিলেও মনৰ দৃঢ়তা থাকিলে, লক্ষ্য স্থিৰ হ’লে পূৰ্ণতা পায় সপোনে।

 

আজি আপোনালোকক ক’ম এজন IAS বিষয়াৰ জীৱন সংগ্ৰামৰ কাহিনী। এজন IAS বিষয়াৰ কাহিনীয়ে পুনৰ দখল কৰিছে সংবাদ শিৰোনাম। জীৱন পথত অধিক বাধা থকা স্বত্বেও সকলো বাধা-বিঘিনি নেওচি IAS বিষয়া হোৱা বৰুণ বৰানৱালৰ কাহিনী আপুনি হয়তো আগেও শুনিছে। কিন্তু আমি আপোনালোকক পুনৰ ক’বলৈ ওলাইছো এই অনুপ্ৰেৰণামূলক কাহিনী।

 

বৰুণ বৰানৱাল, মহাৰাষ্ট্ৰ, থানেৰ বৰুণে ২০১৩ চনত অনুষ্ঠিত হোৱা অসামৰিক সেৱাৰ পৰীক্ষাত ৩২ নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। জীৱনৰ সকলো বাধাৰ বিপক্ষে থিয় দি বৰুণে পূৰ্ণ কৰিছিল সপোন। বিচাৰি উলিয়াইছিল, জীৱনৰ সকলো সমস্যাৰ এটা সমাধানসূত্ৰ-IAS বিষয়া হোৱা।

 

বৰুণ বাৰানৱালৰ পিতৃ আছিল এজন চাইকেলৰ মেকানিক। চাইকেল মেৰামতি কৰিয়েই পিতৃয়ে কোনোমতে চলাই আহিছিল নিজৰ ঘৰখন। কিন্তু নিষ্ঠুৰ নিয়তিয়ে এদিন কাঢ়ি নিছিল বৰুণৰ পিতৃক। পিতৃক হেৰুৱাই নিথৰুৱা হৈ পৰা পৰিয়ালটোৰ বাবে জীৱিকাৰ একমাত্ৰ সম্বল হৈ ৰৈছিল পিতৃৰ চাইকেল মেৰামতিৰ দোকানখন। এফালে আৰ্থিক দৈন্যতা, আনফালে সপোন পূৰণৰ অহৰহ প্ৰচেষ্টা। পিতৃৰ মৃত্যুৰ পাছত পৰিয়াল পোহপাল দিয়াৰ বাবে পিতৃৰ চাইকেল মেৰামতিৰ দোকানত কাম কৰিবলৈ আৰম্ভ কৰে বৰুণে।

 

সেইসময়তে ঘোষণা হ’ল বৰুণৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল। পৰীক্ষাত প্ৰথম হ’বলৈ সক্ষম হ’ল বৰুণ। তথাপি যেন শেষ হোৱা নাছিল ঘৰৰ দায়িত্বৰ চিন্তা। কিন্তু মাতৃৰ এক সিদ্ধান্তই পঢ়াত উদগনি যোগাইছিল ছাত্ৰজনক। চাইকেল দোকানৰ দায়িত্ব নিজে লৈ মাতৃয়ে বৰুণক পঢ়া-শুনা অব্যাহত ৰাখিবলৈ আহ্বান জনায়। তথাপি বৰুণৰ সন্মুখৰ পৰা আঁতৰা নাছিল বাধা-বিঘিনি। হায়াৰ ছেকেণ্ডাৰীৰ প্ৰথম বাৰ্ষিকত নামভৰ্তি কৰিবলৈ লওঁতে যথেষ্ট অৰ্থৰ প্ৰয়োজন হৈছিল বৰুণক। হাতত পইচা নাথাকিলেও তেওঁলোকৰ জীৱনলৈ ভগৱানৰূপে আহিছিল দেউতাকক চিকিৎসা আগবঢ়োৱা চিকিৎসকগৰাকী। পুৱা কলেজলৈ গৈ পাছবেলা টিউশ্যন কৰি সন্ধিয়া চাইকেল দোকানৰ হিচাব-নিকাচ কৰি শুবলৈ গৈছিল উদ্যমী বৰুণ।

 

প্ৰথমতে চিকিৎসক হ’বলৈ ইচ্ছা কৰা বৰুণে টকাৰ অভাৱৰ বাবেই সলনি কৰিছিল লক্ষ্যৰ পথ। কলেজত পঢ়াৰ বাবে ঘৰৰ মাটি বিক্ৰী কৰি নামভৰ্তি কৰিছিল বৰুণে। মাটি বিক্ৰী কৰি পোৱা টকাৰে পঢ়াৰ খৰচ বহন কৰা বৰুণে কলেজৰ ভিতৰতে প্ৰথম হৈ স্কলাৰশ্বিপ পাবলৈও সক্ষম হৈছিল।

 

কলেজৰ পঢ়া-শুনা শেষ কৰি এটা বৰুণ বৰানৱালে এটা মাল্টিনেশ্যনেল কোম্পানীত চাকৰি লাভ কৰে। যদিও পৰিয়ালৰ লোকে তেখেতে চাকৰি কৰাটো বিচাৰিছিল, তথাপি প্ৰশাসনিক বিষয়া হোৱাৰ মন মেলে বৰুণে। বৰুণৰ এই সিদ্ধান্ততো সমৰ্থন কৰিছিল পৰিয়ালৰ লোকে। এটা NGOৰ পৰা লাভ কৰা কিতাপ পঢ়ি, লগতে শুভাকাংক্ষীৰ পৰা পোৱা উৎসাহ-উদ্দীপনাৰ পিছতে IAS বিষয়া হোৱাৰ সপোন পূৰ্ণ হয় বৰুণ বাৰানৱালৰ। যিসময়ত এগৰাকী IAS বিষয়া হোৱাৰ বাবে আকাংক্ষীসকলে আদবাটতে থমকি ৰয়, সেইসময়ত সঁচায়ে এইগৰাকী IAS বিষয়াৰ কাহিনী অনুপ্ৰেৰণামূলক নহয়নে?

সম্পৰ্কিত প্ৰবন্ধসমূহ

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব ।

4 × two =

Back to top button