অসম

বিশিষ্ট চিন্তাবিদ ড° শিৱনাথ বৰ্মন আৰু নাই, নেমকেয়াৰ হাস্পতালত শেষনিশ্বাস ত্যাগ

মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৮০ বছৰ।

প্ৰাতঃস্মৰণীয় বুদ্ধিজীৱী, লেখক, শিক্ষাবিদ, সাংবাদিক ডঃ শিৱনাথ বৰ্মন আৰু নাই। আজি সন্ধিয়া গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিন্তাবিদগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৮০ বছৰ। ডঃ বৰ্মনৰ মৃত্যুত অসমে হেৰুৱালে এগৰাকী প্ৰাতঃস্মৰণীয় বৌদ্ধিক ব্যক্তিত্ব। ১৯৪২ চনত যোৰহাটত জন্মগ্ৰহণ কৰা শিৱনাথ বৰ্মনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰে পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী। তাৰ পিছতে শিৱসাগৰ কলেজত অধ্যাপক হিচাপে কৰ্মজীৱনৰ আৰম্ভ কৰে। পৰৱৰ্তী সময়ত তেওঁ যোগদান কৰে আৰ্য বিদ্যাপীঠ কলেজত।

 

প্ৰায় ৩৮খন গ্ৰন্থ ৰচনাৰে ডঃ বৰ্মনে অসমীয়া সাহিত্য জগতলৈ অৱদান আগৱঢ়াই গৈছে। বিশেষকৈ, বিজ্ঞান সাহিত্যৰ ক্ষেত্ৰখনত তেখেতৰ অৱদান চিৰস্মৰণীয় হৈ ৰ’ব। ‘বিজ্ঞান জেউতী’, ‘বিদ্যাৰ্থী’, ‘ছাত্ৰ সাৰথি’, ‘সম্প্ৰীতি’ আদি কেইবাখনো আলোচনী তেওঁ সম্পাদনা কৰিছিল। ‘দৈনিক জনসাধাৰণ’ কাকতত মুখ্য সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ডঃ বৰ্মনে। ২০২২ চনত তেওঁ লাভ কৰিচিল ভাষাৰ ওজা ‘হেমচন্দ্ৰ বৰুৱা ভাষা সাহিত্য সাধনা’ ৱঁটা। অসম সাহিত্য সভাৰ ‘ছগনলাল জৈন’ বঁটাও লাভ কৰিছিল কৃতবিদ্য সাহিত্যিকগৰাকীয়ে। ইতিমধ্যে তেখেতৰ নশ্বৰদেহ নিয়া হৈছে মহানগৰীৰ ৰাজগড়ৰ বাসভৱনলৈ। কাইলৈ নৱগ্ৰহ শ্মশানত ডঃ বৰ্মনৰ শেষকৃত্য সম্পন্ন কৰা হ’ব। বিশিষ্ট চিন্তাবিদগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বিভিন্নজনে গভীৰ শোকপ্ৰকাশ কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − 6 =

Back to top button