জীৱনশৈলীবলিউডবোলছবিভাৰতমনোৰঞ্জন

ৰাজ কুন্দ্ৰা জেলত, শীল্পা ঘৰত কিন্তু বিগবছৰ ঘৰ পালেগৈ শীল্পাৰ ভগ্নী

জনপ্ৰিয়তা বৃদ্ধিৰ বাবে বিগবছৰ ঘৰলৈ যোৱা শ্বমিতাক সমালোচনা কৰিছে সকলোৱে

ৰাজ কুন্দ্ৰা জেলত, শীল্পা ঘৰত কিন্তু বিগবছৰ ঘৰ পালেগৈ শীল্পাৰ ভগ্নী

ভিনিয়েক ৰাজ কুন্দ্ৰা জেলত আছে। জ্যেষ্ঠ ভগ্নীয়ে চিন্তাত ঘৰৰপৰা ওলোৱা নাই। এই সকলোবোৰৰ পাছত শ্বমিতা ছেট্টীয়ে অন্যতন জনপ্ৰিয় টিভি অনুষ্ঠান বিগবছৰ ঘৰত এগৰাকী প্ৰতিযোগী হিচাপে ভাগ লৈছে।

বায়েক ভিনিয়েকে শ্বমিতাৰ সকলো খচৰ বহন কৰি আছিল। তেনে ক্ষেত্ৰত নিজৰ জনপ্ৰিয়তা বৃদ্ধিৰ বাবে বিগবছৰ ঘৰলৈ যোৱা শ্বমিতাক দেখি সকলোৱে সমালোচনা কৰিছে।

পিছে এই ক্ষেত্ৰত শ্বমিতাই নিজৰ পক্ষ দাঙি ধৰি কয় যে, ‘পৰিস্থিতি যিয়েই নহওক আমি যেতিয়া উশাহ লবলৈ এৰি নিদিও, তেন্তে কাম কিয় এৰি দিও’।

লগতে তেওঁ ইয়াকো কয় যে, বিগ বছৰ এই অফাৰ বহু পূৰ্বেই লাভ কৰিছিল। পিছতেহে পৰিয়ালৰ এইবোৰ ঘটনা সংঘটিত হয়। গতিকে পূৰ্বেই সহমতি প্ৰদান কৰাৰ পিছত কিদৰে মানা কৰাটো সম্ভৱ নহয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five + 5 =

Back to top button