অসমজীৱনশৈলীপ্ৰযুক্তিস্বাস্থ্য

এক সম্ভাৱ্য দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

জৰুৰী অৱতৰণ কৰোৱাব লগীয়া হয় মন্ত্ৰী কেশৱ মহন্তই যাত্ৰা কৰা হেলিকপ্টাৰৰ

এক সম্ভাব্য দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত।

 মন্ত্ৰী কেশৱ মহন্তই যাত্ৰা কৰা হেলিকপ্টাৰত যান্ত্ৰিক বিজুতিৰ সৃষ্টি হয়। যাৰ ফলত জৰুৰী অৱতৰণ কৰোৱাব লগীয়া হয় হেলিকপ্টাৰখনৰ। হেলিকপ্টাৰখনত আছিল মন্ত্ৰী কেশৱ মহন্তসহ ৫ জন লোকে।

 জানিব পৰা মতে, সোমবাৰে পুৱা ৯.৩੦ বজাত বৰঝাৰ বিমানবন্দৰৰ পৰা তামুলপুৰলৈ উৰা মাৰিছিল মন্ত্ৰী কেশৱ মহন্তই। কিন্তু তামুলপুৰলৈ গৈ নাপাওঁতে আকাশ মাৰ্গতে হেলিকপ্টাৰখনত যান্ত্ৰিক বিজুতি ঘটে। ইয়াৰ পাছতে পায়লটে গন্তব্য স্থানৰ পৰিৱৰ্তে পুনৰ ওভতাই বিমানবন্দৰলৈ আনি জৰুৰী অৱতৰণ কৰে হেলিকপ্টাৰখন।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.