বোলছবিভাৰত

দ্বিতীয়বাৰৰ বাবে বিয়াত বহিল দাক্ষিণাত্যৰ অভিনেত্ৰী মহালক্ষ্মী

তামিল প্ৰযোজক ৰবিন্দৰ চন্দ্ৰশেখৰণৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল অভিনেত্ৰী মহালক্ষ্মী

দ্বিতীয়বাৰৰ বাবে বিয়াত বহিল দাক্ষিণাত্যৰ অভিনেত্ৰী মহালক্ষ্মী
তামিল প্ৰযোজক ৰবিন্দৰ চন্দ্ৰশেখৰণৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল অভিনেত্ৰী মহালক্ষ্মী

জনপ্ৰিয় তামিল প্ৰযোজক ৰবিন্দৰ চন্দ্ৰশেখৰণৰ সৈতে বৈবাহিক জীৱনৰ পাতনি মেলিলে দক্ষিণৰ অভিনেত্ৰী মহালক্ষ্মীয়ে। প্ৰযোজক ৰবিন্দৰে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিলে বিয়াৰ ফটো। বিয়াৰ ফটোত দুয়োকে দেখা গ’ল পৰম্পৰাগত সাজ-পোছাকত৷

১ ছেপ্টেম্বৰৰ পুৱা ১১ বজাত তিৰুপতিত ঘনিষ্ঠ পৰিয়ালৰ সদস্য আৰু বন্ধু-বান্ধৱীৰ উপস্থিতিত ৰবীন্দ্ৰ আৰু মহালক্ষ্মীয়ে বিবাহপাশত আবদ্ধ হয়। তাৰপিছতে ইণ্টাৰনেটত বিয়পি হৈ পৰিছে দুয়োৰে বিয়াৰ ফটো। ৰবিন্দই নিজৰ ইনষ্টাগ্ৰামৰ পৰা মহালক্ষ্মীৰ সৈতে ফটো শ্বেয়াৰ কৰাৰ লগতে নিজৰ অনুভৱো প্ৰকাশ কৰে। ৰবিন্দৰ লিব্ৰা প্ৰডাক্ৰিয়নছ নামৰ এটা প্ৰডাকচন হাউছৰ মালিক আৰু আন কেইখনমান ছবিৰ লগতে নাটপুনা এননানু থেৰিয়ুমা আৰু মুৰুংগাইকাই চিপছকে ধৰি বহুতো তামিল চিনেমা প্ৰযোজনা কৰিছিল।

অফিচ, চেল্লাময়, উথিৰিপুক্কল, অৰু কাই ওছাই আদি দুৰদৰ্শন ধাৰাবাহিকত অভিনয় কৰি দৰ্শকৰ প্ৰিয় হৈ পৰা এগৰাকী জনপ্ৰিয় অভিনেত্ৰী মহালক্ষ্মী। মহালক্ষ্মীৰ ইনষ্টাগ্ৰামতো বিয়াৰ ফটো শ্বেয়াৰ কৰি প্ৰকাশ কৰে যে, “মোৰ জীৱনত তোমাক পোৱাতো মোৰ বাবে সৌভাগ্যৰ কথা.. তুমি তোমাৰ উষ্ম মৰমেৰে মোৰ জীৱনটো ভৰাই পেলালা”। বৰ্তমান ভাইৰেল হৈ পৰিছে দুয়োৰে বিয়াৰ ফটো৷

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.