অসমৰাজনৈতিক

ৰাইজৰ আশীর্বাদ আৰু পৰামর্শৰ বাবে ৩৭৫.৫ কিলোমিটাৰৰ ‘আশীর্বাদ যাত্রা’ কৰিব সোণোৱাল

এই ‘আশীর্বাদ যাত্রা’ত তেওঁক সংগ দিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাসহ ১০জনকৈ জ্যেষ্ঠ নেতাই

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে লোকসভাৰ চলিত অধিৱেশন সামৰণি পৰাৰ পাছত নতুন কেন্দ্রীয় মন্ত্রীসকলে যাতে আগন্তুক নিজ কর্ম সঠিকভাৱে পালন কৰিবলৈ ৰাইজৰ পৰা আশীর্বাদ আৰু পৰামর্শ বুটলিবলৈ সক্ষম হয়, সেই উদ্দেশ্যে ‘আশীর্বাদ যাত্রা’ কার্যসূচী গ্রহণৰ আগ্রহ প্রকাশ কৰিছে৷

    ইয়াৰ অংশ হিচাপে অসমৰ পৰা কেন্দ্রীয় কেবিনেট মন্ত্রী হিচাপে অন্তর্ভুক্ত হোৱা সোণোৱালক স্বাগতম জনাই অহা ২১, ২২ আৰু ২৩ আগষ্টত ‘আশীর্বাদ যাত্রা’ কার্যসূচী গ্রহণ কৰে ৰাজ্য চৰকাৰে।

    এই সমগ্র যাত্রাত কেন্দ্রীয় মন্ত্রী সোণোৱালে ৩৭৫.৫ কিলোমিটাৰ অতিক্রম কৰিব৷

এই ‘আশীর্বাদ যাত্রা’ত তেওঁক সংগ দিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাসহ ১০জনকৈ জ্যেষ্ঠ নেতাই৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × four =

Back to top button