অপৰাধঅসম

শিলচৰৰ দলবব্ধ ধৰ্ষণ কাণ্ডৰ ন্যায় দাবী ৱৰ্ল্ড মীটেই কনভেনছনেৰ অসম প্ৰদেশ কমিটিৰ

৯ মে' শিলচৰৰ মধুতিলাত তিনিজন নৰপিশাছৰ কামনাৰ বলি হ'বলগা হৈছিল এগৰাকী মহিলা

ধৰ্ষণ কাণ্ড ৰোধ কৰাৰ বাবে কেন্দ্ৰ অথবা ৰাজ্য চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰিছে যদিও ধৰ্ষণ কাণ্ড সমাজৰ পৰা আজিকোপটি ৰোধ হোৱা নাই। এতিয়াও একাংশ লোকৰ কামনাৰ বলি হৈ আহিছে মহিলা। আজিও মহিলা সুৰক্ষিত বুলি কব পৰা পৰিৱেশ সূচনা হোৱা নাই আমাৰ সমাজত। যদি আমাৰ সমাজত মহিলা সুৰক্ষিত বুলি গণ্য কৰা হ’ল হয় তেন্তে শিলচৰৰ মধুতিলাত দলবব্ধ ধৰ্ষণ কাণ্ড নহলহেঁতেন। ৰাজ্যত ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ আইন অথবা শাস্তিৰ ব্যৱস্থা থকাৰ পিছতো তাৰ প্ৰতি তিলমনো ভয় নকৰি সমাজৰ একাংশ লোকে ধৰ্ষণ কাণ্ড চলাই আহিছে।

যোৱা ৯ মে’ শিলচৰৰ মধুতিলাত তিনিজন নৰপিশাছৰ কামনাৰ বলি হ’বলগা হৈছিল এগৰাকী মহিলা। দৰিদ্ৰ ঘৰৰ মহিলাগৰাকীয়ে কৰ্মস্থলীৰ পৰা ঘৰলৈ বুলি উভতি আহি থকাৰ অৱস্থাত বাইক চলাই অহা তিনি নৰপিশাছে পথত কোনো লোক নোহোৱাৰ সুযোগ লৈ প্ৰথমে ভোক্তভুগি মহিলা গৰাকীক গটা মাৰি পেলাই দিয়ে। ইয়াৰ পিছত দলবব্ধ ধৰ্ষণ কৰে বুলি আজি সংবাদ মেলযোগে অৱগত কৰে ৱৰ্ল্ড মীটেই কনভেনছনেৰ অসম প্ৰদেশ কমিটিয়ে।

মহানগৰীৰ মণিপুৰীবস্তিস্থিত ৰাধা-কৃষ্ণ মন্দিৰৰ প্ৰাংগণত আয়োজিত সংবাদমেলত এই সংগঠনৰ ৰাজ্যিক সভাপতি নৱ কিশোৰ সিংহ, সাধাৰণ সম্পাদক হৰি সিংহ, চিইচিৰ উপ সভাপতি ধন কুমাৰ সিংহ, সম্পাদিকা ৰুমা দেৱী আৰু চিইচিৰ কলা আৰু সংস্কৃতিক সম্পাদিকা অজন্তা দেৱী নাওৰেমে কয় যে মধুতিলাত যি দলবব্ধ ধৰ্ষণ কাণ্ড সংঘটিত হ’ল সেয়া সভ্য সমাজৰ বাবে একেবাৰে দুখদায়ক ঘটনা। এনে ঘটনা আমাৰ সমাজত পুনৰাবৃত্তি হ’ব নালাগে। এই কাণ্ডৰ লগত জড়িত কেইজনক কঠোৰ শাস্তি বিহিব লাগে।

তিনি নৰপিশাছৰ পৰা পৰিত্ৰাণ বিচাৰি ভুক্তভুগী মহিলাগৰাকীয়ে হুলস্থুল কৰাত তিনি দুৰ্বৃত্তই ঘটনাস্থলীৰ পৰা পলায়ন কৰে। কিন্তু পিছত ভুক্তভুগী মহিলাগৰাকীৰ সাহসীকতাৰ বাবে আৰক্ষীয়ে তিনি দুৰ্বৃত্তক  গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ভুক্তভুগী মহিলাগৰাকীয়ে ঘুঙঘোৰ থানাত এটা গোচৰ ৰুজু কৰিছিল। সেই গোচৰৰ ভিত্তিত আৰক্ষীয়ে তিনি দুৰ্বৃত্ত ক্ৰমে কানহাই লাল গোৱালা, চানক কুমাৰ গোৱালা আৰু মহেশ গোৱালাক গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীয়ে গোচৰটো গুৰুত্বসহকাৰে লৈ আৰু তদন্ত চলাই ন্যায়ালয়ত চার্জশ্বিট দাখিল কৰিছে। বৰ্তমান এই কাণ্ড ন্যায়ালয়ৰ বিচাৰধীন হৈ আছে। সংবাদমেলাৰ জৰিয়তে তেওঁলোকে ভুক্তভুগী মহিলাগৰাকীৰ ন্যায়ৰ দাবী কৰাৰ লগতে মহিলাগৰাকীয়ে যাতে সমাজত মুৰ ডাঙি থিয় হৈ থাকিব পাৰে আৰু সন্মানৰে জীয়াই থাকিব পাৰে তাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাই কয় যে তেওঁক যাতে চৰকাৰে এটা চাকৰিৰ ব্যৱস্থা কৰি দিয়ে। আজি এই সংগঠনৰ লগত জড়িত কেইবাটাও সংগঠনে এই কাণ্ডৰ বিৰুদ্ধে মৌন প্ৰতিবাদ সাব্যস্ত কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen + nine =

Back to top button