
“এইবাৰ এখন যুঁজ হ’ব, আমি যুঁজিম আমি জিকিম।” – এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। আজি গোৱালপাৰা চহৰৰ সমীপৱৰ্তী ভালুকডুবিত এখনি কৰ্মীসভা অনুষ্ঠিত হয়। সভাত গৌৰৱ গগৈয়ে কয় যে, “মুখ্যমন্ত্ৰীয়ে দুখীয়া ৰাইজৰ ঘৰ ভাঙি আদানীক গতাই আছে। গতিকে আমি এই চৰকাৰৰ বিৰুদ্ধে যুঁজিম। এইখন চৰকাৰে সাম্প্ৰদায়িক ৰাজনীতিৰ সকলো জাতি-জনগোষ্ঠীৰ মাজত বিভাজনৰ সৃষ্টি কৰিছে। গতিকে আমি এই সাম্প্ৰদায়িক চৰকাৰৰ বিৰুদ্ধে যুঁজিম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোৰ বিৰুদ্ধে তথ্য পাতি দিবলৈ ১০ তাৰিখ ঠিক কৰিছিল। সেই কাৰণে ময়ো ১০ তাৰিখ ঠিক কৰিছো। প্ৰতিটো মাহৰ ১০ তাৰিখে শ শ লোকে কংগ্ৰেছ দলত যোগদান কৰি আছে আৰু এই যোগদান প্ৰক্ৰিয়া চলি থাকিব। কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিলে গাঁওত থকা মদৰ দোকান বন্ধ কৰিম আৰু গাওঁৰ স্কুল কলেজ সমুহৰ উন্নতি কৰিম। প্ৰয়াত মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে সকলো জাতি জনগোষ্ঠীক সন্মান কৰিছিল আৰু সকলো জাতি জনগোষ্ঠীৰ লোকে তেওঁক মৰম দিছিল। কিন্তু হিমন্ত বিশ্ব শৰ্মাই হিটলাৰী শাসন চলাই আছে। তেওঁ বিভিন্ন জাতিৰ জনজাতি কৰনৰ বিপৰীতে জনজাতিসকলৰ মাটি কাঢ়ি নি আদানী আম্বানিক দিছে। এইবাৰ আমি প্ৰমাণ কৰি দিব লাগিব যে এই শংকৰ আজানৰ দেশত সাম্প্ৰদায়িকতা থাকিব নোৱাৰিব। সকলো জাতি জনগোষ্ঠীৰ লোকে সম্প্ৰতিৰে নতুনকৈ অসম গঢ়িব লাগিব।আমি অসমত পুনৰ শান্তি ঘূৰাই আনিম আৰু প্ৰয়াত মুখ্য মন্ত্ৰী তৰুণ গগৈৰ আদৰ্শৰে আগবাঢ়ি যায়।”