অসমদৈনিক বাতৰি

দুদিনীয়া কাৰ্যসূচীৰে আজি ধুবুৰীলৈ মুখ্যমন্ত্ৰী, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে

দুদিনীয়া কাৰ্যসূচীৰে আজি ধুবুৰীলৈ মুখ্যমন্ত্ৰী

দুদিনীয়া কাৰ্যসূচীৰে আজি ধুবুৰীলৈ মুখ্যমন্ত্ৰী

প্ৰথমে গংগাধৰ নৈৰ নৱনিৰ্মিত দলং উদ্বোধন কৰিব

ইয়াৰ পাছতে ৰামৰাইকুটি সত্ৰৰ কাৰ্যসূচীত অংশ ল’ব

বিলাসীপাৰাৰ ৰাজহুৱা সভাতো অংশ ল’ব মুখ্যমন্ত্ৰীয়ে

সন্ধিয়া ৰাভা দিৱসৰ কাৰ্যসূচীত অংশ ল’ব মুখ্যমন্ত্ৰীগৰাকী

অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব কলাগুৰু বঁটা

বুধবাৰেও কেইবাটাও কাৰ্যসূচীত অংশ ল’ব মুখ্যমন্ত্ৰীয়ে

২১ জুনত যোগ দিৱসতো অংশ ল’ব মুখ্যমন্ত্ৰীগৰাকীয়ে

 

আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱস। ৰাজ্যজুৰি কলাগুৰুক স্মৰণৰ বাবে চলোৱা হৈছে ব্যাপক প্ৰস্তুতি। এইবাৰ ধুবুৰীত অসম চৰকাৰে কেন্দ্ৰীয়ভাৱে আয়োজন কৰিছে ৰাভা দিৱসৰ কাৰ্যসূচী। ধুবুৰীত অনুষ্ঠিত হ’বলগীয়া ৰাভা দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে আয়োজন কৰা এই স্মৃতি দিৱসৰ অনুষ্ঠানতে প্ৰদান কৰা হ’ব সাংস্কৃতিক বঁটাসমূহো। দুদিনীয়া কাৰ্যসূচীৰে ধুবুৰীলৈ যাব মুখ্যমন্ত্ৰী। ২১ জুনৰ দিনা ধুবুৰীত অনুষ্ঠিত হ’বলগীয়া যোগ দিৱসত অংশ ল’ব মুখ্যমন্ত্ৰীগৰাকীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 3 =

Back to top button