অসমঅসম আৰক্ষীগুৱাহাটীছিংগাপুৰবিশ্বভাৰতশিল্পীসংগীতসংস্কৃতি

শেষ যাত্ৰাৰ সময়তো গঢ়িলে বিশ্ব ৰেকৰ্ড

১০ লাখ অনুৰাগীয়ে একেলগে আহি জুবিনক জনালে শেষ শ্ৰদ্ধাঞ্জলি

অসমৰ চৌদিশে মাথোঁ এতিয়া কেৱল জুবিন গাৰ্গ। জুবিনক হেৰুৱাই শোকত ভাগি পৰিছে লাখ লাখ অনুৰাগী। ছিংগাপুৰৰ পৰা আকস্মিক ভাৱে অহা অসমৰ ইতিহাসৰ আটাইতকৈ দুখৰ খবৰটোৱে ভাঙি পেলালে প্ৰতিজন অসমীয়াৰ হিয়া।

কোনোজনে যদি একেলেথাৰিয়ে শুনিছে কেৱল জুবিনৰ গান, আন কোনোৱে জুবিনৰ ফটোখনৰ সন্মূখত বহি কেৱল চকুলো টুকিছে। মনত সকলোৱে এটাই আশা পুঁহি ৰাখিছিল যে জুবিনৰ শেষ যাত্ৰাৰ সমভাগী হোৱাৰ। জুবিনৰ শেষ যাত্ৰাৰ সমদলত ভাগ লʼলে প্ৰায় ১০ লক্ষাধিক লোকে। ইয়াৰ পূৰ্বে মাইকেল জেকচন, ৰজা পোপ ফ্ৰেঞ্চিচ আৰু ৰাণী এলিজাবেথ ২ ৰ মৃত্যুত ওলাইছিল এনে বৃহৎ সমদল। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ শেষ যাত্ৰাৰ সমদল হৈছে এছিয়াৰ সৰ্ববৃহৎ জন সমদল। গানেৰে হৃদয় জয় কৰা শিল্পী গৰাকীয়ে মৃ/ত্যুৰ পিছতো গঢ়িলে ইতিহাস। এয়াই জুবিন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five + two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.