অসম

৫০ টকাই সলনি কৰি দিলে মাছ বিক্ৰেতা জীৱন। ৫০টকাৰ বিপৰীতে পালে ২৪ লাখ টকাৰ টয়টা ইন’ভা

মাছ বিক্ৰেতা ৰবিৰামে গাড়ীখন বিক্ৰী কৰি দিনমজুৰি কৰা দুই পুত্ৰক ব্যৱসায় কৰিবলৈ দোকানৰ ব্যৱস্থা কৰি দিব বুলি জানিবলৈ দিয়ে

মাছ বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া মানুহজনলৈ আহিল ভাল খবৰটো। বৰপেটাৰোড ৰাস মহোৎসৱৰ লটাৰী খেলৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছে তেওঁ। বাক্সাৰ কালপানীৰ মাছ বিক্ৰেতা গৰাকীয়ে লাভ কৰিলে ২৪ লাখ টকাৰ টয়টা ইন’ভা। এইগৰাকী সৌভাগ্যৱান মাছ বেপাৰীৰ নাম ৰবিৰাম বসুমতাৰী ওৰফে লাইথা ৷ ৫০ টকীয়া মূল্যৰ ১০০ টকাৰে মাত্ৰ দুটা টিকট ক্ৰয় কৰিছিল কালপানীৰ এইগৰাকী মাছবেপাৰী ৰবিৰাম বসুমতাৰী ওৰফে লাইথাই ৷ বাহনখন লাভ কৰি ৰবিৰাম বসুমতাৰী ওৰফে লাইথাৰ লগতে তেওঁৰ পৰিয়ালৰ লোকসকল উৎফুল্লিত হৈ পৰিছে ৷ মাছ বিক্ৰেতা ৰবিৰামে গাড়ীখন বিক্ৰী কৰি দিনমজুৰি কৰা দুই পুত্ৰক ব্যৱসায় কৰিবলৈ দোকানৰ ব্যৱস্থা কৰি দিব বুলি জানিবলৈ দিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.