অসমআঞ্চলিক

বিদ্যালয়ৰ শ্ৰেণীকোঠা হৈ পৰিছে ৰিল বনোৱাৰ প্লেট ফৰ্ম!

মহাবিদ্যালয়ৰ শ্ৰেণী কোঠাত চলিছে ৰিল বনোৱাৰ প্ৰতিযোগিতা

বিদ্যালয়ৰ শ্ৰেণীকোঠা পৰিণত হৈছে ৰিল বনোৱা প্লেট ফৰ্মলৈ!

শ্ৰেণী কোঠাত শিক্ষা গ্ৰহণৰ সলনি একাংশ শিক্ষাৰ্থী এতিয়া ব্যস্ত হৈ পৰিছে ৰিল ভিডিঅ’ বনোৱা কাৰ্যত৷ বিজনী মহাবিদ্যালয়ৰ শ্ৰেণী কোঠাত চলিছে ৰিল বনোৱাৰ প্ৰতিযোগিতা৷ শ্ৰেণী কোঠাৰ ভিতৰত শিক্ষা গ্ৰহণৰ সলনি একাংশ ছাত্ৰ-ছাত্ৰীয়ে ৰিল বনাই পাৰ কৰে৷

মহাবিদ্যালয়ৰ ইউনিফৰ্ম পৰিহিত একাংশ উদণ্ড ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণী কোঠাত কৰিছে উদ্দ্যম নৃত্য৷ ভিডিঅ’ সমুহ কৰি ছাত্ৰ-ছাত্ৰীয়ে এৰি দিছে বিভিন্ন সামাজিক মাধ্যমত৷ পৱিত্ৰ শ্ৰেণী কোঠাৰ ভিতৰত ছাত্ৰ-ছাত্ৰীয়ে মিলি প্ৰস্তুত কৰা ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷

উশৃংখল এই সকল ছাত্ৰ-ছাত্ৰীৰ এনে ধৰণৰ কৰ্ম কাণ্ডই মহাবিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ সম্ভাৱনা আছে৷ এই ক্ষেত্ৰত মহাবিদ্যালয় কতৃপক্ষই নীৰৱ ভূমিকা গ্ৰহণ কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.