অসম

যুৱ মহোৎসৱত শীৰ্ষ তিনিখন বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান লাভ কটনৰ

ইউএছটিএমত অনুষ্ঠিত শেহতীয়াকৈ সমাপ্ত হোৱা ৩৬ সংখ্যক পূব মণ্ডল যুৱ মহোৎসৱত কেইবাটাও পদক অৰ্জন কৰি কটন বিশ্ববিদ্যালয়ৰ ৪৯ জনীয়া দলটোৱে অসমলৈ সুনাম কঢ়িয়াই আনিছে।

চাইন্স এণ্ড টেকনল’জি বিশ্ববিদ্যালয় মেঘালয় (ইউএছটিএম)ত অনুষ্ঠিত শেহতীয়াকৈ সমাপ্ত হোৱা ৩৬ সংখ্যক পূব মণ্ডল যুৱ মহোৎসৱত কেইবাটাও পদক অৰ্জন কৰি কটন বিশ্ববিদ্যালয়ৰ ৪৯ জনীয়া দলটোৱে অসমলৈ সুনাম কঢ়িয়াই আনিছে।

দেওবাৰে সমাপ্ত হোৱা যুৱ উৎসৱটি ৪ জানুৱাৰীত আৰম্ভ হৈছিল আৰু ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ পৰা ১৫ খন বিশ্ববিদ্যালয়ে ইয়াত অংশগ্ৰহণ কৰিছিল।

কটন বিশ্ববিদ্যালয়ে প্ৰথম স্থান লাভ কৰা প্ৰতিযোগিতাসমূহ হ’ল- সাংস্কৃতিক শোভাযাত্ৰা, শাস্ত্ৰীয় সংগীত (একক), শাস্ত্ৰীয় বাদ্যযন্ত্ৰ একক (পাৰকাচন), শাস্ত্ৰীয় বাদ্যযন্ত্ৰ একক (নন-পাৰ্কচন), পশ্চিমীয় বাদ্যযন্ত্ৰ(একক) আৰু লোক নৃত্য। ভাৰতীয় দলীয় সংগীত(ইণ্ডিয়ান গ্ৰুপ চং), পশ্চিমীয় সংগীত (একক), স্কিট আৰু কুইজ প্ৰতিযোগিতাতো দ্বিতীয় স্থান লাভ কৰাৰ লগতে কটন বিশ্ববিদ্যালয়ে মিমিক্ৰি আৰু ফ’ক অৰ্কেষ্ট্ৰাত তৃতীয় স্থান লাভ কৰে।

বিভিন্ন শ্ৰেণীত পুৰস্কাৰ লাভ কৰাৰ উপৰিও কটন বিশ্ববিদ্যালয়ে সংগীত শাখাত শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ খিতাপ, নৃত্য শাখাত দ্বিতীয় শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ খিতাপ, থিয়েটাৰ আৰু সাহিত্য শাখাত তৃতীয় শ্ৰেষ্ঠ বিশ্ববিদ্যালয় আৰু সামগ্ৰিক শ্ৰেণীত ৰানাৰ-আপ শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ খিতাপ অৰ্জন কৰে। মণিপুৰ সংস্কৃতি বিশ্ববিদ্যালয়ে সামগ্ৰিক শ্ৰেণীত প্ৰথম স্থান লাভ কৰে আৰু মণিপুৰ বিশ্ববিদ্যালয় সামগ্ৰিক দ্বিতীয় ৰানাৰ-আপ দল হিচাপে পৰিগণিত হয়। উল্লেখযোগ্য যে সামগ্ৰিক শ্ৰেণীৰ শীৰ্ষ তিনিখন বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান লাভ কৰা কটন বিশ্ববিদ্যালয় হৈছে অসমৰ একমাত্ৰ বিশ্ববিদ্যালয়।

যুৱ মহোৎসৱত কটন বিশ্ববিদ্যালয়ৰ সফলতা সন্দৰ্ভত মন্তব্য কৰি কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই মন্তব্য কৰে, ‘যুৱ মহোৎসৱৰ ফলাফল আমাৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। এইয়া কটন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ ভিতৰত অপৰিসীম সম্ভাৱনা আৰু অসাধাৰণ প্ৰতিভা থকাৰ এটা প্ৰমাণ। উপাচাৰ্য হিচাবে মই গৌৰৱান্বিত অনুভৱ কৰোঁ যে বিশ্ববিদ্যালয়খনে শীৰ্ষ তিনিখন বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান পাইছে আৰু যুৱ মহোৎসৱত সামগ্ৰিক শ্ৰেণীৰ তালিকাত স্থান পোৱা অসমৰ একমাত্ৰ বিশ্ববিদ্যালয়। মই আমাৰ বিশ্ববিদ্যালয় তথা আন বিশ্ববিদ্যালয়ৰ পৰা এই যুৱ মহোৎসৱত অংশগ্ৰহণ কৰা সকলোকে অভিনন্দন জনাইছো।’
কটন বিশ্ববিদ্যালয়ৰ দলটোৰ নেতৃত্ব দিছিল ফেকাল্টি-ইন-চাৰ্জ- কটন বিশ্ববিদ্যালয়ৰ গণ-সংযোগ, সাংবাদিকতা আৰু মিডিয়া অধ্যয়ন বিভাগৰ সহকাৰী অধ্যাপক ড° মুক্তিকাম হাজৰিকা আৰু কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড° স্বপ্নালী দাসে।
অন্যান্য অংশগ্ৰহণকাৰী বিশ্ববিদ্যালয়সমূহ আছিল- গুৱাহাটী বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, বড়োলেণ্ড বিশ্ববিদ্যালয়, নৰ্থ-ইষ্ট হিল বিশ্ববিদ্যালয় (NEHU), আইচিএফএআই বিশ্ববিদ্যালয় (ICFAI), ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান, ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়, ইউএছটিএম, ৰয়েল গ্লোবেল বিশ্ববিদ্যালয় আৰু ধনমাঞ্জুৰী বিশ্ববিদ্যালয়।
কটন বিশ্ববিদ্যালয়ৰ দলটোৱে এতিয়া জৈন বিশ্ববিদ্যালয় বাংগালোৰত ফেব্ৰুৱাৰী মাহৰ শেষ সপ্তাহত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ ২০২৩ত ভাৰতৰ ছয়টা অঞ্চলৰ বিশ্ববিদ্যালয়সমূহৰ সৈতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 4 =

Check Also
Close
Back to top button